নেশ্যনেল ডেস্ক, 10 জুন : দিনক দিনে বৰ্ধিত গৰমে সকলোৰে জীৱন কঠিন কৰি তুলিছে । তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত ফেন, কুলাৰো যেন এতিয়া কাম নিদিয়া হৈছে ৷ যদিও কিছু সংখ্যক লোকৰ ঘৰত এ চিৰ ব্যৱস্থা আছে কিন্তু সকলো লোকে এ চি ক্ৰয় কৰিব নোৱাৰে ৷ ফলত ফেন আৰু কুলাৰৰ সহায়েৰে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে ৷
কিন্তু দিনটো প্ৰখৰ ৰ'দৰ বাবে ফেন আৰু কুলাৰৰ পৰাও ঠাণ্ডা বতাহ পোৱাটো টান হৈ পৰিছে ৷ সেয়ে যদি আপুনি কুলাৰৰ গৰম বতাহৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে আৰু গৰম পৰিহাৰ কৰিবলৈ ঠাণ্ডা বতাহ বিচাৰিছে তেনেহ’লে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে ৷ আমি আপোনালৈকলৈ লৈ আহিছো এনে কিছু টিপছ যি আপোনাক এচিৰ দৰে কুলাৰৰ শীতন বতাহ দিব পাৰে ৷
নিমখ আৰু বৰফ
কুলাৰৰ পৰা এচিৰ দৰে শীতল বতাহ প্ৰাপ্ত কৰিবলৈ, আপোনাক কেৱল নিমখ আৰু বৰফৰ প্ৰয়োজন । শীতল বতাহ পাবলৈ, আপুনি এই দুয়োটা মিহলি কৰি সেই মিশ্ৰন কুলাৰৰ পানীত মিহলাই দিব পাৰে ৷