মেষ ৰাশি :বেছি কামৰ বোজা নল’ব ৷ এলাহভাৱ বৃদ্ধি হ’ব পাৰে ৷ খঙে আপোনাৰ ব্যক্তিগত আৰু কৰ্মজীৱনত কু-প্ৰভাৱ পেলাব ৷ ধৰ্মক্ষেত্ৰ ভ্ৰমণ কৰক ৷
বৃষ ৰাশি : যোগ আৰু ধ্যানে মনটোক শান্তি দিয়ক ৷ শৰীৰৰ বিষ, মানসিক স্থিতি অস্থিৰ হ’ব ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷
মিথুন ৰাশি : গণেশৰ কৃপাত আজিৰ দিনটো ভালকৈ পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ ভাল হ’ব ৷ সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় পাৰ কৰক ৷
কৰ্কট ৰাশি :সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷
সিংহ ৰাশি : গণেশৰ কৃপাত সুখেৰে দিন পাৰ হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য কুশলে থাকিব ৷ কৰ্মক্ষেত্ৰত শুভ ৷
কন্যা ৰাশি : আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ পূৰ্বে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ মানসিক অসুষ্ঠতা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷
তুলা ৰাশি : নতুন আৰম্ভনি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণলৈ যাব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভনিৰ বাবে উত্তম সময় ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ শত্ৰুৰ লগত বিজয় হ’ব ৷
বৃশ্চিক ৰাশি :এটা মধ্যম দিন ৷ ধনৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব ৷ আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ বেয়া সময় চলিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অশুভ সময় ৷
ধনু ৰাশি : গ্ৰহৰ দশা ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব ৷ সামাজিক কামত কৃতকাৰ্য হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত সময় পাৰ কৰক ৷ শৰীৰ আৰু মন ভালে থাকিব ৷
মকৰ ৰাশি :খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ দিনটোৰ বেছিভাগ সময় ধনৰ লোকচান হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব ৷ আইনী কাৰ্যই আপোনাক মানসিক চাপত ভুগাব পাৰে ৷ শান্ত থাকক ৷
কুম্ভ ৰাশি : গ্ৰহৰ দশা ভাল ৷ উপহাৰ পাব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ দক্ষতা বৃদ্ধি হ’ব ৷ সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমনৰ সুন্দৰ যোগ আছে ৷
মীন ৰাশি :কৰ্মক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন ৷ লক্ষ্মিদেৱীৰ কৃপা বৰষি থাকিব ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ ধাৰে দিয়া ধন ঘূৰাই পাব ৷ শৰীৰ সুস্থ ৷