মেষ ৰাশি : পৰিয়ালৰ সৈতে প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব । আৱেগিক আৰু শাৰীৰিক দিশত শুভ । আৰ্থিক দিশত শুভ ৷ আপুনি যি কোনো বস্তুক লৈ সুদৃঢ় আৰু নিশ্চিত হৈ থাকিব ৷ বিবাদ এৰাই চলক ৷
বৃষ ৰাশি : দিনটো শুভ । মন আৰু শৰীৰ দুয়ো ভাল হৈ থাকিব। আজি আপোনাৰ মুখত গোটেই দিনটো হাঁহি বিৰিঙি থাকিব । সকলো কাম সুচাৰুৰূপে সম্পন্ন হ’ব ৷ আপুনি আগতে কৰি থোৱা বিনিয়োগৰপৰা ভাল লভ্যাংশ পাব । আপোনাৰ বেয়া সময় আকৌ ভাল হৈ আহিব ৷
মিথুন ৰাশি : দিনটো অশুভ হ’ব ৷ আপুনি লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব । আপুনি কোনো কাম হাতত নোলোৱাই ভাল । সন্তানৰ শিক্ষা, স্বাস্থ্যৰ বাবে ব্যয় কৰিবলগীয়া হ’ব পাৰে । নিজৰ স্বাস্থ্যক লৈয়ো চিন্তাত থাকিব ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷
কৰ্কট ৰাশি : দিনটো ভালে নাযাব ৷ আপোনাৰ গ্ৰহৰ অৱস্থান বেয়া । আপোনাৰ মন উদ্বেগ আৰু সন্দেহেৰে পূৰ্ণ হৈ থাকিব । আপুনি আজি পৰিয়ালৰ লোকৰ সৈতে আৰু কোনো মহিলাৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে । ঈশ্বৰ আপোনাৰ সহায় হওক।
সিংহ ৰাশি : দিনটো অসাধাৰণ। স্বাস্থ্য ভালে থাকিব। বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ ভাল আৰু গঠনমূলক আলাপ-আলোচনা হ’ব । আজি আপুনি বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুন্দৰ এটি ঠাইত সৰুসুৰা ভ্ৰমণত যাব পাৰে । আপোনাৰ সমৃদ্ধিয়ে আপোনাৰ বন্ধু আৰু প্ৰিয়সকলৰ উপকাৰ কৰিব পাৰে ।
কন্যা ৰাশি : আপোনাৰ কথাই মানুহক মন্ত্ৰমুগ্ধ কৰিব । আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ ফলত আপোনাৰ হাতত ধন আহিব ৷ সুস্বাস্থ্যবান বৈ থাকিব ৷ বৌদ্ধিক আলোচনা কৰিব পাৰে ৷ ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰক ৷