অসম

assam

উখল-মাখল বেংগালুৰুৰ নামঘৰ, আৰম্ভ ভাদমহীয়া নাম-কীৰ্তন - Holy Bhada month

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:47 PM IST

Holy Bhada month: পহিলা ভাদৰ দিনটোত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ । ৰাজ্যৰ লগতে বহিঃৰাজ্য বেংগালুৰুতো উলহ-মালহেৰে পালন কৰা হ’ল পহিলা ভাদৰ দিনটো ।

Holy Bhada month begins today, devotees throng in Bengaluru  Namghar
উখল-মাখল বাংগালুৰুৰ নামঘৰ (ETV Bharat Assam)

গুৱাহাটী, ১৮ আগষ্ট:আজি পহিলা ভাদ । পহিলা ভাদ উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ সত্ৰ-নামঘৰ । আজিৰে পৰা আৰম্ভ কৰি প্ৰায় এমাহজুৰি ভকত-বৈষ্ণৱ, আই-মাতৃসকলে হৰিনাম কীৰ্তনৰে মুখৰিত কৰি তুলিব ৰাজ্যৰ প্ৰতিখন সত্ৰৰ লগতে নামঘৰসমূহ । সমগ্ৰ ৰাজ্যৰ লগতে বেংগালুৰুতো দেখা গ'ল একেই এক ভক্তিমূলক পৰিৱেশ । বাংগালুৰুত অৱস্থিত অসমীয়াৰ একমাত্ৰ আধ্যাত্মিক অনুষ্ঠান বেংগালুৰুৰ নামঘৰতো সম্পূৰ্ণ নিয়ম-নীতিৰে পালন কৰা হ’ল পহিলা ভাদৰ দিনটো ।

উখল-মাখল বাংগালুৰুৰ নামঘৰ (ETV Bharat Assam)

প্ৰায় দুই শতাধিক ভক্তপ্ৰাণ লোকৰ উপস্থিতিত নাম-প্ৰসংগ, কীৰ্তন পাঠ দিহা নাম পৰিৱেশন কৰি ভক্তিৰসত বুৰ গ'ল ভিন্ন কাৰণত বেংগালুৰুত থকা প্ৰবাসী অসমীয়াসকল । নাম-কীৰ্তনৰ শেষত মাহ-প্ৰসাদ বিতৰণ আৰু সম্পূৰ্ণ থলুৱা সোৱাদেৰে ভোজ-ভাত অপ্যায়নো কৰা হয় । ইফালে বহিঃৰাজ্যত থাকিও বেংগালুৰুৰ দৰে এখন ব্যস্ত মহানগৰীত আমাৰ সাতাম পুৰুষীয়া ৰীতি-নীতি পালন কৰাটো অতি গৌৰৱৰ বিষয় হিচাপে বহুজনে মত প্ৰকাশ কৰিছে ।

আনহাতে চলিত মাহৰ ২৫ আৰু ২৬ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে বেংগালুৰুৰ নামঘৰত উদযাপন কৰা হ'ব শ্ৰী কৃষ্ণৰ জন্মাষ্টমী । সেই উপলক্ষে শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ, বাংগালুৰুৰ উপ-সভাপতি প্ৰণৱজ্যোতি বৰাই ৰাইজৰ সহায়-সহযোগিতাৰ লগতে উপস্থিতি আন্তৰিকতাৰে আহ্বান জনাইছে ।

উল্লেখ্য যে, এই পবিত্ৰ ভাদ মাহত দুয়োজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মহাপ্ৰয়াণ ঘটিছিল । ইফালে এই মাহতে শ্ৰী কৃষ্ণও উপজিছিল । সেয়ে প্ৰতিগৰাকী অসমীয়াই এই মাহটো পবিত্ৰ মাহ হিচাপে পালন কৰি আহিছে আৰু এই ভাদ মাহৰ লৰত প্ৰতিজন অসমীয়াৰ আবেগ জড়িত হৈ আছে ।

লগতে পঢ়ক:পহিলা ভাদত নগাঁৱৰ বটদ্ৰৱা থান আৰু ভড়ালী নামঘৰত ভক্তৰ ভিৰ - Holy Bhada month

আজি সংক্ৰান্তি : ৰাজ্যৰ সত্ৰ-নামঘৰত আৰম্ভ ভাদমহীয়া নাম-প্ৰসংগ - Auspicious Bhado month

ABOUT THE AUTHOR

...view details