নেশ্যনেল ডেস্ক,১ আগষ্ট :অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ড চৰকাৰৰ বাধা । অসমৰ মুখ্যমন্ত্ৰীগৰাকীক পাকুৰৰ গোপীনাথপুৰলৈ যোৱাত বাধা আৰোপ ঝাৰখণ্ড চৰকাৰৰ । সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । বৃহস্পতিবাৰে ৰাজ্যখনৰ ডুমকাত উপস্থিত হৈ এই মন্তব্য কৰে ড৹ শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, "যেতিয়া এজন মুখ্যমন্ত্ৰী তালৈ যাব নোৱাৰে, তেতিয়া সাধাৰণ লোকসকলৰ অৱস্থা কি হ'ব ?" মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে পাকুৰত জনজাতীয় লোকৰ ভূমি দখল কৰি আছে, আমি তেওঁলোকৰ সৈতে থিয় দিব লাগিব । পাকুৰৰ অৱস্থা বেয়া ।"
গোপীনাথপুৰত পশ্চিমবংগৰ লোকৰ আক্ৰমণ
উল্লেখ্য যে কিছুদিন পূৰ্বে পশ্চিমবংগৰ একাংশ লোকে পাকুৰ জিলাত প্ৰৱেশ কৰিছিল আৰু গোপীনাথপুৰৰ স্থানীয় লোকসকলক প্ৰহাৰ কৰিছিল বুলি অভিযোগ উঠিছে । মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গোপীনাথপুৰ আৰু কৃষ্ণনগৰ গাঁৱৰ ৰাইজৰ মাজত মুকলি স্থানত বলিদানৰ প্ৰথাক লৈ বিবাদ হৈছিল । বিবাদ ইমানেই বাঢ়ি গৈছিল যে শিলগুটি নিক্ষেপ, অগ্নিসংযোগ, বোমা বিস্ফোৰণ আৰু কেইবা ৰাউণ্ড গুলীচালনাও হৈছিল ।
পৰিস্থিতিৰ অৱনতি হোৱাৰ লগে লগে আৰক্ষী আৰু জিলা প্ৰশাসনে গাঁওখনত শিবিৰ স্থাপন কৰে । প্ৰশাসনে ইয়াৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । কিন্তু পিছদিনা শ শ লোকে পুনৰ গোপীনাথপুৰ গাঁৱত আক্ৰমণ কৰে আৰু পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰে । এই ঘটনাৰ পিচতে গাঁওখনৰ লোকসকল আতংকিত হৈ পৰে ।