নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পিছত বিজেপিয়ে কনিষ্টবল চৌহান হেমব্ৰমৰ হত্যাকাণ্ডক মূল সমস্যা (ইছ্যু) কৰি তুলিব বিচাৰিছে । ১১ আগষ্টৰ নিশা আৰক্ষী জোৱানজনৰ হত্যা হৈছিল ৷ কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই হত্যাকাৰীক । হত্যাৰ অভিযোগত অভিযুক্ত শ্বাহিদ আনছাৰীয়ে ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল । এতিয়া বিজেপিয়ে হেমন্ত চৰকাৰে তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ- ঝাৰখণ্ড চৰকাৰ তুষ্টিকৰণৰ ৰাজনীতিত নামিছে (ETV Bharat) অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ঝাৰখণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে মৃতকৰ ঘৰত উপস্থিত হৈ তেওঁৰ মাতৃক সাক্ষাৎ কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অভিযোগ কৰে যে আজিলৈকে অভিযুক্ত ধৰা পৰা নাই আৰু চৰকাৰৰ কোনো লোকো ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা নাই ।
লগতে তেওঁ কয়, ‘‘তাত মোৰ অনুষ্ঠানটো প্ৰস্তুত কৰাৰ সময়ত আৰক্ষীয়ে পুৱা ৪.৩০ বজাত শিশুটিৰ সৈতে চৌহান হেমব্ৰমৰ সমগ্ৰ পৰিয়ালটোক তাৰ পৰা লৈ আহিছিল । চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁক হাজৰিবাগলৈ লৈ যোৱা হয় ।’’
বিগত কেইমাহমানৰ পৰা শাসকীয় দলটোৱে আদিবাসী সমাজক উপেক্ষা আৰু মুছলমান সমাজ তথা সম্প্ৰদায়ৰ পক্ষত থকাৰ অভিযোগ উত্থাপন কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ ।
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বাবুলাল মাৰাণ্ডী, নিশিকান্ত ডুবেকে ধৰি বহু বিজেপি নেতাই হেমন্ত চৰকাৰক বিমোৰত পেলাবলৈ অহৰহ চেষ্টা চলাই আছে ।
লগতে পঢ়ক :কৰ্তব্যৰত আৰক্ষীক হত্যা; ঝাৰখণ্ড চৰকাৰক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM slams Jharkhand govt
- হিমন্তক গোপীনাথপুৰলৈ যোৱাত বাধা দিয়া হৈছিল
শেহতীয়াকৈ পাকুৰত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে এটা জনজাতীয় পৰিয়ালক আক্ৰমণ কৰাৰ পিছত ১ আগষ্টত হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে নিৰাপত্তাৰ দোহাই দি প্ৰশাসনে তেওঁক গোপীনাথপুৰলৈ যোৱাত বাধা আৰোপ কৰিছিল ।
অৱশ্যে গায়থানত ভুক্তভোগীক তেওঁ লগ পাইছিল । আদিবাসী হোষ্টেলত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আহত ছাত্ৰ-ছাত্ৰীকো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁ কয় যে ঝাৰখণ্ডত আদিবাসী আৰু হিন্দু সুৰক্ষিত নহয় ।
- সন্থালৰ অৱস্থা বেয়া, বহু মানুহে এৰিছে নিজৰ ঘৰখন
১ আগষ্টত সন্থাল ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে সন্থালৰ অৱস্থা অতি বেয়া । নিজৰ ঘৰ এৰি আন ঠাইলৈ যাবলৈ বাধ্য হৈছে মানুহবোৰ । লগতে তেওঁ কৈছিল যে পাকুৰৰ তাৰানগৰ আৰু গোপীনাথপুৰৰ ৰাইজে নিজৰ গ্ৰামাঞ্চল এৰি চহৰ অঞ্চলত থাকিবলৈ বাধ্য হৈছে । হিমন্ত বিশ্ব শৰ্মাই পুনৰ মৃত কনিষ্টবলগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ গিৰিডিহত উপস্থিত হয়, তাতে তেওঁ প্ৰশাসনৰ ভূমিকাক লৈ বহু প্ৰশ্ন উত্থাপন কৰে ।
- ১১ আগষ্টৰ নিশা চৌহান হেমব্ৰমক হত্যা কৰা হৈছিল
শ্বেখ ভিখাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কাৰাবন্দী শ্বাহিদ আনছাৰীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল চৌহান হেমব্ৰম । এই সময়তে বন্দীজনে হাবিলদাৰ হেমব্ৰমক লোহাৰ ৰডেৰে আঘাত কৰি হত্যা কৰি সেই স্থানৰ পৰা পলায়ন কৰে ।
উল্লেখ্য যে, চিকিৎসাৰ বাবে ধানবাদ জেলৰ পৰা হাজৰিবাগলৈ স্থানান্তৰ কৰা হৈছিল শ্বাহিদ আনছাৰীক । ১৪ দিন চিকিৎসালয়তে তেওঁ চিকিৎসাধীন হৈ আছিল । শ্বাহিদ আনছাৰীক এটা গোচৰত আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে আৰু দুটা গোচৰ চলি আছে, য’ত তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগো আছে ।
লগতে পঢ়ক :ভাৰত আৰু ইয়াৰ এছিয়ান চুবুৰীয়া দেশ: স্বাধীনতাৰ ৭৮ বছৰৰ পাছত আমি ক’ত থিয় হৈছো ? - GLOBAL POLITICS