নিউজ ডেস্ক, ২৫ জুন : NEET-UG পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম তথা অন্যান্য পৰীক্ষা বাতিলক লৈ চলি থকা প্ৰতিবাদৰ মাজতে সোমবাৰে শিক্ষা মন্ত্ৰণালয়ে গঠন কৰা বিশেষজ্ঞৰ উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । ভৱিষ্যতে এক উন্নত পৰীক্ষা ব্যৱস্থা বিকশিত কৰাৰ বিষয়ে আলোচনা কৰিবলৈ এই বৈঠক অনুষ্ঠিত হয় ।
উল্লেখ্য, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (এন টি এ) জৰিয়তে পৰীক্ষাৰ স্বচ্ছতা, মসৃণতা আৰু নিৰপেক্ষ পৰিচালনা নিশ্চিত কৰাৰ বাবে পৰামৰ্শ দিবলৈ শিক্ষা মন্ত্ৰণালয়ে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত এখন সাতজনীয়া উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰিছিল ।
মন্ত্ৰণালয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত সমিতিৰ এগৰাকী সদস্যই কয়, পেনেলৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব অভিভাৱক আৰু শিক্ষাৰ্থীৰ পৰা তেওঁলোকৰ উদ্বেগৰ বিষয়ে শুনা আৰু পৰামৰ্শ সংগ্ৰহ কৰা । পেনেলে দুমাহৰ ভিতৰত শিক্ষা মন্ত্ৰণালয়ৰ ওচৰত তেওঁলোকৰ পৰামৰ্শ দাখিল কৰিব ।
বিগত সপ্তাহত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছিল যে চৰকাৰে এন টি এত সংস্কাৰৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব আৰু সমিতিখনে শূন্য ত্ৰুটিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এন টি এ, ইয়াৰ গাঁথনি, কাৰ্যকৰিতা, পৰীক্ষা প্ৰক্ৰিয়া, স্বচ্ছতা আৰু ডাটা সুৰক্ষা প্ৰটোকল অধিক উন্নত কৰাৰ বাবে পৰামৰ্শ দিব বুলি আশা কৰা হ'ব ।