নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী :ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে । আদালতে শুকুৰবাৰে এই বিষয়টোত শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে ।
হেমন্ত ছোৰেনৰ অধিবক্তা কপিল ছিবাল আৰু এ এম সিংভিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন কৰিছে । এই সন্দৰ্ভত ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ছোৰেনৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই একেধৰণৰ আবেদন ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আৰু তাক বৃহস্পতিবাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে । ছিবালে কয় যে ছোৰেনে উচ্চ ন্যায়ালয়ত আবেদনখন প্ৰত্যাহাৰ কৰিব । বিচাৰপীঠখনত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰও অন্তৰ্ভুক্ত আছিল ।
ইডিৰ অধিবক্তাই কয় যে হেমন্ত ছোৰেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে । জ্যেষ্ঠ অধিবক্তা ছিবালে কয় যে নিৰ্বাচনৰ পূৰ্বে এইধৰণৰ গ্ৰেপ্তাৰ হৈ থাকিব । সাধাৰণ নিৰ্বাচনৰ ঠিক পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশৰ ৰাজনীতিত বিৰূপ প্ৰভাৱ পৰিব ।