অসম

assam

ETV Bharat / bharat

আস্থা ভোটত জয় লাভ হেমন্ত ছোৰেন চৰকাৰৰ - Hemant Soren government

Jharkhand Chief Minister: ঝাৰখণ্ডৰ হেমন্ত ছোৰেন চৰকাৰে আস্থা ভোটত জয়লাভ কৰিছে । এই প্ৰস্তাৱৰ সপক্ষে মুঠ 45 টা ভোটদান হোৱাৰ বিপৰীতে বিৰোধী পক্ষই এটাও ভোট পোৱা নাছিল । বিৰোধীৰ সমালোচনাৰ সন্মুখীন ছোৰেন চৰকাৰ ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 2:28 PM IST

Jharkhand Chief Minister
আস্থা ভোটত জয় লাভ হেমন্ত ছোৰেন চৰকাৰৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, 8 জুলাই: আস্থা ভোটত জয়লাভ কৰিছে হেমন্ত ছোৰেন চৰকাৰে । বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়ত হেমন্ত ছোৰেনে সদনত আস্থা প্ৰস্তাৱ আগবঢ়ায় । আলোচনাৰ অন্তত হেমন্ত ছোৰেন চৰকাৰে সহজেই ভোটদানত জয়লাভ কৰে । এই প্ৰস্তাৱৰ সপক্ষে মুঠ 45 টা ভোটদান হোৱাৰ বিপৰীতে বিৰোধীয়ে এটাও ভোট পোৱা নাছিল ।

সদনত আস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ অন্তত ভোটগ্ৰহণ কৰা হয় । ভোটদানৰ সময়তো ধাৰাবাহিকভাৱে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । হুলস্থুলৰ মাজতে ভোটগণনা কৰা হয় । ইফালে, এন ডি এৰ বিধায়কসকলে সদনৰ পৰা ওলাই আহিল । ভোটদানত অংশ লোৱা নাছিল এন ডি এৰ বিধায়কসকলে । ইয়াৰ বাবেই এই প্ৰস্তাৱৰ বিৰুদ্ধে এটাও ভোট নপৰিল । আনহাতে নিৰ্দলীয় বিধায়ক সৰযু ৰায় নিৰপেক্ষ হৈ থাকিল । ভোটদানৰ অন্তত বিধানসভাৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয় ।

পঞ্চমখন বিধানসভাৰ অধিৱেশনত চতুৰ্থবাৰৰ বাবে ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰে আস্থা প্ৰস্তাৱ উত্থাপন কৰে । তৃতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিলে হেমন্ত ছোৰেনে । 4 জুলাইত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সোমবাৰে বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰি সদনত আস্থা প্ৰস্তাৱ দাখিল কৰা হয় । কাৰণ হেমন্ত ছোৰেনে অকলেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, সেয়েহে তেওঁ নিজেই আস্থা প্ৰস্তাৱ সদনত উত্থাপন কৰিছিল ।

সদনত আস্থা প্রস্তাৱৰ সময়ত বিৰোধী দলপতি অমৰ বাউৰীয়ে চৰকাৰক তীব্ৰ লক্ষ্য কৰি লৈছিল ৷ অমৰ বাউৰীয়ে কয়, "এইখন প্ৰতাৰণাৰ ভিত্তিত গঠিত হৈছে এই চৰকাৰখন । চৰকাৰে সকলোকে কেৱল ঠগাই আছে । চাৰি মাহ ধৰি বৃদ্ধসকলে পেঞ্চন নোপোৱা । বিৰোধী দলপতি অমৰ বাউৰীয়ে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অভিনন্দন জনায় ।

লগতে পঢ়ক:কাৰামুক্ত হৈ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ - HEMANT SOREN

হেমন্ত ছোৰেনৰ জামিন সন্দৰ্ভত কি ক’লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ? - Himanta Biswa Sarma

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন প্ৰদান - Hemant Soren Got Bail

ABOUT THE AUTHOR

...view details