শ্ৰীনগৰ : প্ৰচণ্ড তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ ফলত ব্যাহত হৈ পৰিছে শ্ৰীনগৰৰ স্বাভাৱিক জনজীৱন ৷ আনকি এই বতৰৰ বাবে আজি শ্ৰীনগৰ বিমানবন্দৰত বিমানৰ কাম-কাজো স্তব্ধ কৰি দিয়াৰ লগতে আটাইবোৰ বিমানেই ষ্টেণ্ডবাই কৰা হৈছে ৷
বাতৰি যুগুত কৰাৰ সময়ত শ্ৰীনগৰ বিমানবন্দৰৰ সঞ্চালক জাভেদ আঞ্জুমে কয় যে শনিবাৰে পুৱা ১০ বজাৰ পিছত বিমান সেৱা পুনৰ আৰম্ভ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব । লগতে তেওঁ বিমানবন্দৰলৈ যোৱাৰ পূৰ্বেই সকলো যাত্ৰীক বিমানৰ অৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ তেওঁ আৰু কয় যে বিমানৰ আগমন আৰু প্ৰস্থান দুয়োটায়ে পৰৱৰ্তী জাননী নহালৈকে বিমান চলাচল স্থগিত ৰখা হৈছে ।
সমগ্ৰ কাশ্মীৰতে ব্যাপক তুষাৰপাত হোৱা দেখা গৈছে ৷ যাৰ ফলত কেইবাটাও অঞ্চলত যথেষ্ট পৰিমাণৰ বৰফৰ জমা হোৱাৰ বাতৰি পোৱা গৈছে ৷ কাশ্মীৰৰ সিন্থান টপত ৪ ফুট, আনহাতে মাৰ্গান টপ, পিৰ কি গালি আৰু বাল্টাল পহলগামত ৩ ফুট বৰফ জমা হোৱাৰ তথ্য পোৱা গৈছে ।
বতৰ বিজ্ঞান বিভাগৰ শ্ৰীনগৰ কেন্দ্ৰৰ তথ্য অনুসৰি অনন্তনাগ, কুলগাম আৰু শ্বোপিয়ানত ১.৫ৰ পৰা ২ ফুটৰ ভিতৰত বৰফ জমা হৈছে বুলি জানিব পৰা গৈছে । পাম্পোৰৰ দৰে নিম্ন অঞ্চলত তুলনামূলকভাৱে ১ ফুট তুষাৰপাত হোৱাৰ বিপৰীতে শ্ৰীনগৰত ৮ ইঞ্চি তুষাৰপাত হৈছে বুলি জানিব পৰা গৈছে ৷
কেৱল বিমানৰ চলাচলে নহয়, তুষাপাতৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি গুৰুত্বপূৰ্ণ পথেৰে যাতায়ত চলাচলত ব্যাঘাত জন্মিছে ৷ এতিয়াও NAVYUG সুৰংগৰ সমীপৰ পথছোৱা বন্ধ হৈ আছে ৷ মোগল ৰোড, সিন্থন ৰোড, সোণামাৰ্গ-কাৰ্গিল ৰোড, ভাদেৰৱাহ-চাম্বা ৰোডো বৰ্তমান বন্ধ কৰি দিয়া হৈছে ৷