হায়দৰাবাদ: প্ৰকৃতিক আমি মাতৃ জ্ঞান কৰোঁ ৷ একো নোখোজাকৈয়ে প্ৰকৃতিয়ে আমাক সকলো দিছে, কিন্তু তাৰ বিনিময় কেতিয়াও বিচৰা নাই ৷ উশাহ ল’বলৈ বায়ু, ভোকৰ খাদ্য মুঠি, পিয়াহৰ পানী টুপিকে ধৰি প্ৰকৃতিয়ে আমাক প্ৰতিটো প্ৰয়োজনীয় উপাদানেই প্ৰদান কৰিছে ৷ বৰ্তমান বিশ্বায়নৰ যুগত আমি চিকিৎসা আদিৰ বাবে আধুনিক চিকিৎসা বিজ্ঞানৰ সহায় লও যদিও ইয়াৰ মূল উপাদানসমূহো প্ৰকৃতি প্ৰদত্ত বুলিলে নিশ্চয় ভুল কোৱা নহ’ব ৷
সাধাৰণ ব্যাধিত ব্যৱহৃত ভেষজৰ পৰা বহু দুৰাৰোগ্য ৰোগত ব্যৱহৃত ঔষধলৈকে প্ৰকৃতিত সকলো উপলব্ধ ৷ আজি আমি আপোনালোকক এখন বিশেষ পাহাৰীয়া অঞ্চললৈ লৈ যাব খুজিছোঁ, য’ত উপলব্ধ প্ৰায় প্ৰতিজোপা তৰু-তৃণই যেন একো একোটা ঔষধ ৷
মাল্লুৰ গুট্টা, দক্ষিণ ভাৰতৰ তেলেংগানাৰ মুলুগুৰ এনে এক অঞ্চল, য’ত ভিন্ন প্ৰজাতিৰ ঔষধি উদ্ভিদ পোৱা যায় ৷ এইটো এটা পাহাৰীয়া অঞ্চল, প্ৰায় 200 হেক্টৰ বিস্তৃত ভূমিত অতি কমেও 500 ঔষধি উদ্ভিদ ইয়াত পোৱা যায় ৷ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে যৌথভাৱে চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে ।
2000 চনত মাল্লুৰ গুট্টা অঞ্চলটোক ঔষধি উদ্ভিদ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিছিল ৷ কিয়নো ইয়াত কেতবোৰ দুষ্প্ৰাপ্য আৰু অতি গুৰুত্বপূৰ্ণ ঔষধি উদ্ভিদ পোৱা যায় ৷ এই প্ৰজাতিসমূহৰ ভিতৰত সৰস্বতী, বেল, ঈশ্বৰী, দেৱপত্ৰ, বন আমলখি, বন তুলসী, পাহাৰীয়া হালধি, সৰ্পগন্ধা আদি অন্যতম ।
আয়ুৰ্বেদিক চিকিৎসকসকলে এই উদ্ভিদসমূহৰ ঔষধি মূল্য উল্লেখযোগ্য আৰু পৰম্পৰাগত চিকিৎসা বিজ্ঞানত বহুলভাৱে জনপ্ৰিয় বুলি উল্লেখ কৰি অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰক উন্নীত কৰি তুলিছে ।
বনৌষধি উদ্যানৰ প্ৰস্তাৱ আৰু সংৰক্ষণৰ প্ৰচেষ্টা