যদি কেতিয়াও দুজন প্ৰেমৰ সম্পৰ্কত থকা লোকৰ মাজত কাজিয়া নহয়, কোনো কথাতে মতানৈক্য নহয় তেন্তে তেওঁলোকৰ সম্পৰ্কত কোনো সত্যতা নাথাকে ৷ নিখুঁত সম্পৰ্ক এনে নহয় য’ত দম্পতীৰ মাজত কোনো কাজিয়াই নহয় ৷ বৰং স্বামী-স্ত্ৰীয়ে কাজিয়াবোৰ বুদ্ধিমত্তাৰে চম্ভালিলেহে সম্পৰ্ক শক্তিশালী হৈ উঠে ৷
বহু মনোবিজ্ঞানী আৰু সম্পৰ্ক বিশেষজ্ঞৰ মতে, কাজিয়া কেৱল এটা সমস্যাই নহয়, বৰঞ্চ ই এক সুযোগো, যাৰ ফলত সম্পৰ্কটো অধিক শক্তিশালী হ’ব পাৰে ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতিদিনে সংগীৰ লগত কাজিয়া কৰিব লাগে ৷ সুস্থ কাজিয়াই সম্পৰ্কত এইবোৰ লাভো দিব পাৰে-
সম্পৰ্কত কাজিয়া হোৱাৰ লাভ
- সম্পৰ্কত কাজিয়া কৰাটো আৱেগ প্ৰকাশৰ এক উপায় ৷ বহু সময়ত আমি আমাৰ সংগীক কিছুমান কথা ক’বলৈ কুণ্ঠাবোধ কৰো, কিন্তু যেতিয়া কাজিয়া হয় তেতিয়া ই আমাক মুকলিকৈ আমাৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ দিয়ে ৷
- কাজিয়া কৰিলে সমস্যা সমাধান কৰাটো সহজ হৈ পৰে ৷ যেতিয়া আমি আমাৰ মতানৈক্য সন্দৰ্ভত আলোচনা কৰো তেতিয়া আমি সমস্যাৰ মূললৈ যাব পাৰো ৷ ইয়াৰ পৰা আমি জানিব পাৰো যে সমস্যাটো ক’ত লুকাই আছে ৷
- কাজিয়া কৰিলে যোগাযোগৰ দক্ষতা বৃদ্ধি পায় ৷ এইটো এনে এক সুযোগ য’ত দুয়োজন পাৰ্টনাৰে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে আৰু শুনা যাব পাৰে ৷ ইয়াৰ ফলত বুজাবুজি বৃদ্ধি পায় আৰু সম্পৰ্কত বুজাবুজি বৰ্তি থাকে ৷
- কাজিয়াৰ পিচত যদি দুয়োজন সংগীয়ে সমস্যাটো সমাধান কৰাত সফল হয় তেন্তে ই সম্পৰ্কটো অধিক মজবুত কৰি তোলে ৷ ইজনে আনজনৰ প্ৰতি বিশ্বাস আৰু বুজাবুজি বৃদ্ধি কৰে ৷
- কাজিয়া কেৱল সম্পৰ্কৰ বাবেই নহয়, ব্যক্তিগত বিকাশৰ বাবেও প্ৰয়োজনীয় ৷ আমি যেতিয়া আমাৰ সংগীৰ লগত কাজিয়া কৰো তেতিয়া আমি নিজকে আৰু আমাৰ সীমাবদ্ধতাক ভালদৰে বুজি পাওঁ ৷ ই আত্মবুদ্ধি আৰু আত্মবিশ্বাস বৃদ্ধি কৰে ৷
- কেতিয়াবা, কাজিয়া হ’ব পাৰে মানসিক চিন্তা আৰু চাপ কমোৱাৰ উপায় ৷ আমি যেতিয়া আমাৰ অনুভৱ প্ৰকাশ কৰো তেতিয়া ই মানসিক বোজা যথেষ্ট কম হ’ব পাৰে ৷