ETV Bharat / bharat

বাৰামুলাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

Encounter in Baramulla: অনুপ্ৰৱেশৰ চেষ্টা চলোৱা সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ । অভিযান অব্যাহত আছে ।

author img

By ANI

Published : 3 hours ago

Encounter in Baramulla
বাৰামুলাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ (ANI)

বাৰামুলা(জম্মু-কাশ্মীৰ): জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) সমীপত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ । ভাৰতীয় সেনাই দেওবাৰে আনুষ্ঠানিকভাৱে এই সংঘৰ্ষৰ কথা অৱগত কৰে । এক্সৰ এটা পোষ্টত ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে কয়, "অঞ্চলটোত অনুপ্ৰৱেশ বিৰোধী এক যুটীয়া অভিযান আৰম্ভ হৈছিল । সম্ভাৱ্য অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে উৰি, বাৰামুলাত যুটীয়া অভিযান আৰম্ভ কৰে । সতৰ্ক হৈ থকা সেনাই সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে আৰু প্ৰত্যাহ্বান জনায় । যাৰ ফলত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰে । সেনাইও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । সম্প্ৰতি অভিযান চলি আছে ।"

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ

ইফালে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে পুঞ্চ জিলাৰ পৰা দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে । জম্মু-কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) আনন্দ জৈনে শনিবাৰে এই কথা সদৰী কৰে ।

আনন্দ জৈনে কয় যে এই গ্ৰেপ্তাৰৰ ফলত সম্ভাব্য একাধিক গ্ৰেণেড আক্ৰমণ প্ৰতিৰোধ কৰা হৈছে । তেওঁ কয়, "আমি এক বৃহৎ সফলতা লাভ কৰিছো । কিয়নো গ্ৰেণেড নিক্ষেপ, দেশ বিৰোধী পোষ্টাৰ লগোৱা কাৰ্যত জড়িত দুই সন্ত্ৰাসবাদীক আমি গ্ৰেপ্তাৰ কৰিছো... তেওঁলোকে গুৰুদ্বাৰ, মন্দিৰ, চিকিৎসালয়, সেনা ঘাটিত গ্ৰেণেড নিক্ষেপ আদি কাৰ্যত জড়িত আছিল ।" তেওঁ লগতে কয় যে সন্ত্ৰাসবাদীকেইটাই অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব বিচাৰিছিল ।

যোৱা শুকুৰবাৰেও সুৰক্ষা বাহিনীয়ে পুঞ্চ জিলাৰ চুৰানকোট চেক্টৰৰ ডুণ্ডাক অঞ্চলত এটা সন্দেহজনক সন্ত্ৰাসবাদীক আটক কৰে । সন্দেহজনক সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে ৪ টা গ্ৰেণেড উদ্ধাৰ কৰাৰ কথা নিশ্চিত কৰিছে ।

লগতে পঢ়ক :শোকাৱহ পথ দুৰ্ঘটনা; শিশুসহ মুঠ ১২ গৰাকীৰ মৃত্যু

দিল্লীৰ চিআৰপিএফ স্কুলৰ সমীপতে বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.