ETV Bharat / bharat

শোকাৱহ পথ দুৰ্ঘটনা; শিশুসহ মুঠ ১২ গৰাকীৰ মৃত্যু

Tragic road accident: যাত্ৰীবাহী বাছ আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষৰ ফলত ঢোলপুৰত শিশুসহ ১২ গৰাকী লোকৰ মৃত্যু ।

author img

By ANI

Published : 3 hours ago

Tragic road accident
ঢোলপুৰত শোকাৱহ দুৰ্ঘটনা (ETV Bharat)

ঢোলপুৰ : ৰাজস্থানৰ ঢোলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । বাড়ি সদৰ থানাৰ অন্তৰ্গত চুনিপুৰ গাঁৱৰ সমীপত নিশা প্ৰায় ১১ বজাত এখন যাত্ৰীবাহী বাছ আৰু টেম্পোৰ সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ৯ টা শিশুসহ ১২ গৰাকী লোকে প্ৰাণ হেৰুৱায় । শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

নিশাই আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে । সম্প্ৰতি বাড়ি চৰকাৰী চিকিৎসালয়ৰ শৱগৃহত মৃতদেহকেইটা ৰখা হৈছে বুলি জানিব পৰা গৈছে । একেদৰে সংকটজনক অৱস্থাত ৩ গৰাকী আহত যাত্ৰীক ঢোলপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

শোকাৱহ দুৰ্ঘটনা

Tragic road accident
শোকাৱহ পথ দুৰ্ঘটনা (ETV Bharat)

বাড়ি কোতৱালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ লাহৰি মীনাই দুৰ্ঘটনা সন্দৰ্ভত কয় যে বাড়ি চহৰৰ কৰিম কলনিৰ নাহনু আৰু জাহিৰৰ পৰিয়ালকে ধৰি একাংশ আৱাসীয়ে বাৰাউলি গাঁৱত এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল । তাৰ পৰা তেওঁলোকে ঘৰলৈ এখন টেম্পোৰে উভতি আহিছিল । উভতি অহা পথতে বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী বাছেৰে টেম্পোখনৰ মুখামুখি সংঘৰ্ষ হয় ।

Tragic road accident
শোকাৱহ পথ দুৰ্ঘটনা (ETV Bharat)

ফলত ১২ গৰাকী লোকৰ মৃত্যু হয় । দুৰ্ঘটনাটোত বাছখনৰ চালক আৰু কৰ্মচাৰী আহত হয় । দুৰ্ঘটনাটোত পতিত দুয়োখন বাহনে আৰক্ষীয়ে জব্দ কৰিছে । অৱশ্যে কাৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে । দুৰ্ঘটনাটোৰ পিছতে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসহ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুলি লৈছে ।

লগতে পঢ়ক :বাবা ছিদ্দিকীৰ শ্বুটাৰৰ ফোনত পুত্ৰৰ ফটো উদ্ধাৰ; উদ্বেগজনক স্নেপচাটৰ তথ্য প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.