ETV Bharat / bharat

দিল্লীৰ চিআৰপিএফ স্কুলৰ সমীপতে বিস্ফোৰণ

Blast in Rohini District: ৰোহিণী জিলাৰ চিআৰপিএফ স্কুলৰ সমীপতে শক্তিশালী বিস্ফোৰণ । বাহন আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Delhi Blast
দিল্লীৰ চিআৰপিএফ স্কুলৰ সমীপতে বিস্ফোৰণ (ETV Bharat)

নতুন দিল্লী : দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰোহিণী জিলাত ভয়ংকৰ বিস্ফোৰণ । প্ৰশান্ত বিহাৰৰ চিআৰপিএফ স্কুলৰ সমীপত সংঘটিত বিস্ফোৰণক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বাসিন্দাসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

বিস্ফোৰণৰ ফলত ক্ষতি

বিস্ফোৰণটো ইমানে শক্তিশালী আছিল যে কিছু সময়ৰ বাবে অঞ্চলটো ধুঁৱলি-কুঁৱলি হৈ পৰে । বিস্ফোৰণৰ ফলত চিআৰপিএফ স্কুলৰ দেৱালৰ বিস্তৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে । ইফালে শক্তিশালী বিস্ফোৰণটোৰ ফলত সেই অঞ্চলত থকা কেইবাখনো বাহনৰ খিৰিকী গ্লাছ ভাঙি যায় । একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানো ক্ষতিগ্ৰস্ত হয় । কিন্তু বোমা নে আন কাৰণত এই বিস্ফোৰণটো হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । বিস্ফোৰণটোৰ পিছতে বোমা বিশেষজ্ঞৰ এটা দল অঞ্চলটোত উপস্থিত হৈছে । বোমা বিশেষজ্ঞৰ লগতে দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু ফৰেনচিকৰ দলে অনুসন্ধান আৰম্ভ কৰিছে । সমান্তৰালকৈ বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় ।

আৰক্ষীয়ে জনোৱা মতে পুৱা প্ৰায় ৭.৪৭ বজাত বিস্ফোৰণৰ খবৰ লাভ কৰে । লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । বিস্ফোৰণটোত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে । আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

বিস্ফোৰণ সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "আমাৰ ফৰেনচিক দল আৰু অপৰাধ গোটে বিস্ফোৰণৰ স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছে । এইটো আতচবাজীৰ বিস্ফোৰণো হ'ব পাৰে, কিন্তু আমি গোটেই বিষয়টো সকলো দিশৰ পৰা অনুসন্ধান কৰি আছো ।"

লগতে পঢ়ক :শোকাৱহ পথ দুৰ্ঘটনা; শিশুসহ মুঠ ১২ গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.