নেশ্যনেল ডেস্ক, 18 জুন :বৰ্ধিত উষ্ণতাই জলা-কলা খুৱাইছে দেশবাসীক ৷ সম্প্ৰতি দেশজুৰি গ্ৰীষ্মপ্ৰবাহ অব্যাহত আছে ৷ চলিত বৰ্ষত অত্যধিক গৰমে অভিলেখ গঢ়িছে ভাৰতৰ বহু স্থানত ৷ শেহতীয়াকৈ ভাৰতৰ ৰাজধানী দিল্লীৰ মুংগেশপুৰত তাপমাত্ৰা 52.3 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধিৰে অভিলেখ গঢ়িছে ৷ ইয়াৰ পিচতে ৰাজধানী চহৰখনত জুনৰ তাপমাত্ৰাই ভংগ কৰিছে 14 বছৰৰ অভিলেখ ৷
উল্লেখ্য যে, ইতিমধ্যে জুন মাহৰ 17 দিন পাৰ হৈ গৈছে ৷ কিন্তু এটা দিনো চহৰখনত বৰষুণৰ নপৰাৰ ফলত 40 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস অহা নাই । বতৰ বিজ্ঞান বিভাগে মঙলবাৰে গ্ৰীষ্ম প্ৰবাহ আৰু গৰমৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । জুন মাহত, য'ত গ্ৰীষ্ম প্ৰবাহৰ সৰ্বাধিক তাপমাত্ৰাই 14 বছৰৰ অভিলেখ ভংগ কৰিছে ।
14 বছৰত সৰ্বাধিক গৰম : দিল্লীৰ মানক পৰ্যৱেক্ষণালয় চফদৰজঙৰ তথ্য অনুসৰি, জুনত একেৰাহে 17 দিন ধৰি তাপমাত্ৰা 40 ডিগ্ৰীৰ ওপৰত আছে । 2019 চনত, জুনৰ প্ৰথম 16 টা দিনত সৰ্বাধিক তাপমাত্ৰা 40 ডিগ্ৰীৰ উৰ্ধত আছিল ৷
বতৰৰ বায়ুৰ মানদণ্ড সূচকৰ স্তৰ জানো আহক :
- চান্দিনী চক - 302
- শাদীপুৰ - 300
- এন এছ আই টি দ্বাৰকা - 218
- পাটপাৰগঞ্জ - 205
- জাহাংগীৰপুৰী - 230
- মুণ্ডকা - ২৩৮
- আলিপুৰ - ১৯৩
- আইটিঅ' - 103
- চিৰি ফ’ৰ্ট - 162
- মন্দিৰ পথ - 136
- আৰ কে পুৰম - ১৮২
- পাঞ্জাৱী বাগ - 143
- আয়া নগৰ - 144
- লোধি ৰোড - 134
- নৰ্থ কেম্পাছ ডিইউ - 163
- মথুৰা ৰোড - 162
- পুছা ৰোড - 146
- নেহৰু নগৰ - ১৫২
- অশোক বিহাৰ - ১৪৪
- ছোনিয়া বিহাৰ - ১৬১
- বিবেক বিহাৰ - ১৯১
- মেজৰ ধ্যান চান্দ ষ্টেডিয়াম - 151
- নাৰেলা - 168
- বাৱানা - ২০০
- দিলশাদ গাৰ্ডেন - 130
লগতে পঢ়ক:গ্ৰীষ্মকালত হৃদযন্ত্ৰ আৰু মস্তিষ্কৰ ৰোগৰ পৰা কেনেদৰে পাব পৰিত্ৰাণ ? - SUMMER EFFECT ON HEART