নিউজ ডেস্ক, ৩ জুলাই :উত্তৰ প্ৰদেশৰ হাথৰছৰ ফুলৰাই মোগলগড়ীৰ মাজত জি টি ৰোডৰ ওচৰত অনুষ্ঠিত জগত গুৰু সাকাৰ বিশ্ব হৰি ভোলে বাবাৰ সৎসংগৰ সময়ত সংঘটিত দুৰ্ঘটনাটোৰ পিচত প্ৰশাসনে প্ৰথমখন এজাহাৰ পঞ্জীয়ন কৰিছে । হাথৰছৰ চিকন্দৰাৰাউ আৰক্ষী থানাত পঞ্জীয়ন কৰা এজাহাৰত এই সৎসংগৰ আয়োজক প্ৰধান সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু সহযোগী সেৱকসকলৰ নাম উল্লেখ কৰা হৈছে । কিন্তু ৰহস্যজনকভাৱে এজাহাৰখনত স্বয়ম্ভূ বাবা ভোলে বাবাৰ নাম উল্লেখ কৰা হোৱা নাই ।
এজাহাৰ অনুসৰি, আয়োজকসকলে অনুষ্ঠানটোত সমবেত হোৱা লাখ লাখ লোকৰ তথ্য লুকুৱাই প্ৰায় ৮০,০০০ লোক সমবেত হ'ব বুলি সমাবেশৰ অনুমতি বিচাৰিছিল । সেই অনুসৰি আৰক্ষী আৰু প্ৰশাসনে ভিৰ নিয়ন্ত্ৰণ, শান্তি-শৃংখলা ব্যৱস্থাপনা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাপনা কৰিছিল । কিন্তু উক্ত কাৰ্যসূচীত আঢ়ৈ লাখতকৈও অধিক ভক্তৰ আগমনৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ।
সমাবেশৰ বাবে জি টি ৰোডত যান-বাহন নিয়ন্ত্ৰণ কৰা হৈছিল । আনহাতে, কৰ্তব্যৰত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে চেষ্টা চলাইছিল । তাৰ মাজতে মুখ্য প্ৰবচক সূৰযপাল ওৰফে ভোলে বাবাই তেওঁৰ প্ৰবচনৰ পিচত নিজৰ গাড়ীত উঠি অনুষ্ঠানস্থলীৰ পৰা যাবলৈ ওলায় । সেই সময়তে ভক্তসকলে তেওঁৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'বলৈ আৰু চৰণৰ ধূলি মূৰত ল'বলৈ বিচাৰি ভিৰ কৰে । তেনে সময়ত ভক্তসকলৰ মাজত ঠেলা-হেঁচা লাগি পৰে আৰু বহু ভক্ত বাগৰি পৰাত পদপিষ্টৰ ঘটনাৰ সূত্ৰপাত ঘটে । ইয়াৰ পিচতে সমগ্ৰ অনুষ্ঠানস্থলীত তীব্ৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু মৃত্যু সমদল আৰম্ভ হয় ।
আনহাতে, এজাহাৰ অনুসৰি, জি টি ৰোডৰ সিপাৰে প্ৰায় তিনি মিটাৰ গভীৰ পথাৰত পানী আৰু বোকাত পিষ্ট হোৱা জনতাক আয়োজক সমিতি আৰু সেৱকসকলে হাতত লাঠি লৈ বলপূৰ্বকভাৱে বাধা প্ৰদান কৰে । যাৰ ফলত ভিৰৰ চাপ বৃদ্ধি পায় আৰু মহিলা, শিশু আৰু পুৰুষসকল পদপিষ্ট হয় । এই ঘটনাত বৃহৎসংখ্যক মহিলা, শিশু আৰু পুৰুষৰ মৃত্যু হয় । এই সময়ছোৱাত ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে আহতসকলক উপলব্ধ সুবিধাৰে সৈতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু আয়োজক আৰু সেৱকসকলৰ পৰা এই ক্ষেত্ৰত কোনো সহযোগিতা পোৱা নাছিল । ইফালে প্ৰাপ্ত তথ্য মতে, ঘটনাৰ পিচৰে পৰা পলাতক হৈ আছে স্বয়ম্ভূ বাবাগৰাকী । এতিয়ালৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা হোৱা নাই ।
উল্লেখ্য যে মঙলবাৰে আবেলি হাথৰছৰ নাৰায়ণ সাকাৰ হৰি ওৰফে ভোলে বাবাৰ সৎসমগত সংঘটিত পদপিষ্টৰ ঘটনাত ১২১ জনৰো অধিক লোকে প্ৰাণ হেৰুৱায় ।
ঘটনাৰ প্ৰত্যক্ষদৰ্শী মায়াদেৱী নামৰ এগৰাকী মহিলাই দিয়া বিৱৰণী অনুসৰি, তেওঁ ২০ বছৰ ধৰি ভোলে বাবাৰ অনুগামী আৰু তেওঁৰ সকলো সৎসংগতে তেওঁ উপস্থিত আছিল । তেওঁ কয় যে সৎসংগৰ পিচত প্ৰভুৰ প্ৰস্থানৰ লগে লগে তাত উপস্থিত লোকসকলে দৌৰিবলৈ আৰম্ভ কৰে । এনেকুৱাতে পদপিষ্টৰ ঘটনা সংঘটিত হয় । 20 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে তেওঁ এনেধৰণৰ দৃশ্য দেখা বুলি উল্লেখ কৰি মায়াদেৱীয়ে কয় যে এই দৃশ্যই তেওঁৰ অন্তৰাত্মাক কঁপাই তুলিছিল ।