নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল :দেশৰ 'এডুকেশ্যন হাব' হিচাপে জনাজাত কোটাত পুনৰ ছাত্ৰৰ আত্মহত্যাৰ খবৰ পোহৰলৈ আহিছে । চহৰখনৰ কুনহাড়ী আৰক্ষী থানাৰ অন্তৰ্গত লেণ্ডমাৰ্ক কোচিং এলেকাত এগৰাকী অধ্যয়নৰত ছাত্ৰৰ আত্মহত্যাৰ এটা ঘটনা সংঘটিত হৈছে । ছাত্ৰজনে চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাৰ (এনইইটি ইউজি ২০২৪) প্ৰস্তুতি চলাই আছিল ।
অধ্য়য়নৰ বাবে তেওঁ হাৰিয়ানাৰ ৰোহতকৰ পৰা কোটালৈ আহিছিল । জানিব পৰা মতে, হোষ্টেলৰ কোঠাতে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এমবিএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
উপ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ চোনিয়ে কোৱা মতে ঘটনাটো দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল । ১৯ বছৰীয়া ছাত্ৰজন লেণ্ডমাৰ্ক অঞ্চলৰ উত্তম ৰেচিডেন্সিত আছিল । তেওঁ যোৱা এবছৰ ধৰি কোটাত বাস কৰি আছিল । ঘটনাটোৰ পিচত আৰক্ষীয়ে তেওঁৰ হোষ্টেলৰ কোঠাটো জব্দ কৰিছে ।