নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী :বনভুলপুৰা হিংসাৰ অভিযুক্ত আব্দুল মালিকক আৰক্ষীয়ে শেহতীয়াকৈ দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে । আব্দুল মালিক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে । আৰক্ষীয়ে হালদৱানী হিংসাৰ অভিযুক্ত আব্দুল মালিকক আন ৮১ গৰাকী অভিযুক্তৰ পৰা পৃথকে ৰাখিছে । আব্দুল মালিকক হালদৱানী কাৰাগাৰৰ পৰিৱৰ্তে নৈনিতাল কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । বনভুলপুৰা হিংসাত অভিযুক্ত আব্দুল মালিকৰ বাহিৰে সকলো অভিযুক্তকে হালদৱানী উপ-কাৰাগাৰত ৰখা হৈছে ।
৮ ফেব্ৰুৱাৰীত হালদৱানীৰ বনফুলপুৰা আৰক্ষী থানাৰ অন্তৰ্গত মালিকৰ বাগিচাত অবৈধভাৱে নিৰ্মিত মাদ্ৰাছা আৰু মছজিদ উচ্ছেদ কৰাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । যাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইফালে বনভুলপুৰাৰ ৮ নম্বৰ লাইনৰ বাসিন্দা আব্দুল মালিকক আৰক্ষীয়ে শনিবাৰে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে । ৮ ফেব্ৰুৱাৰীত বনভুলপুৰাত হোৱা হিংসাৰ পিছত আব্দুল মালিক পলাতক আছিল ।