অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বান্দিপোৰাত গুলীবৰ্ষণ, নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত - Bandipora Gunshots - BANDIPORA GUNSHOTS

Bandipora Gunshots : শেহতীয়াকৈ জম্মু-কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । তাৰ মাজতে সোমবাৰে পুৱাই বান্দিপোৰা জিলাত গুলীবৰ্ষণ । নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে । অমৰনাথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীক কঠোৰ নিৰ্দেশনা অমিত শ্বাহৰ ।

Bandipora Gunshots
জম্মু-কাশ্মীৰৰ বান্দিপোৰাত গুলীবৰ্ষণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 10:10 AM IST

নেশ্যনেল ডেস্ক, ১৭ জুন : জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰা জিলাত গুলীবৰ্ষণ । গুলীবৰ্ষণৰ শব্দ শুনাৰ পিচতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখে । বিষয়াসকলে জনোৱা মতে সোমবাৰে পুৱা জিলাখনৰ আৰাগাম গাঁৱত কিছু গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল । তাৰ ঠিক পিচতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু তালাচী আৰম্ভ কৰে । অঞ্চলটোত অভিযান আৰম্ভ হোৱাৰ কিছু সময়ৰ পিচতে গুলীবৰ্ষণ বন্ধ হয় ।

উল্লেখ্য যে সাম্প্ৰতিক সময়ত জম্মু-কাশ্মীৰত বহু আক্ৰমণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে । যাৰ ফলত সন্ত্ৰাসবাদী কাৰ্যকলাপো বৃদ্ধি পাইছে আৰু নিৰাপত্তা বাহিনীক ব্যস্ত কৰি ৰাখিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেওবাৰে নিৰাপত্তা বাহিনীক জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ আৰু এক মসৃণ, সুৰক্ষিত অমৰনাথ যাত্ৰা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে ।

কেন্দ্ৰৰ দৃঢ় নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰত অনাগত দিনত সন্ত্ৰাসবাদী আৰু সমৰ্থকসকলক লক্ষ্য কৰি কিছু বৃহৎ সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাব বুলি আশা কৰা হৈছে । শ্বাহে নিৰাপত্তা সংস্থাসমূহক জম্মু বিভাগত অঞ্চলৰ আধিপত্য আৰু শূন্য সন্ত্ৰাসবাদী পৰিকল্পনা ৰূপায়ণ কৰিবলৈ কৈছিল যেনেকৈ তেওঁলোকে কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত সফলতা লাভ কৰিছিল ।

কেন্দ্ৰীয় শাসিত অঞ্চলটোত এসপ্তাহৰ ভিতৰত প্ৰায় চাৰিটা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাবোৰত প্ৰায় ৯ জন তীৰ্থযাত্ৰী আৰু এজন চিআৰপিএফ জোৱানে প্ৰাণ হেৰুৱাইছে । যাৰ ফলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । শেহতীয়া এখন বৈঠকত বিষয়াসকলে শ্বাহক জম্মু-কাশ্মীৰৰ বিদ্যমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীয়ে ব্যৱস্থা কঠোৰ কৰি তুলিছে আৰু অনাগত দিনত অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক :ভাৰতীয় সেনাই নিজৰ অস্ত্ৰভাণ্ডাৰত অন্তৰ্ভুক্ত কৰিলে নাগঅস্ত্ৰ-১ ছুইচাইড ড্ৰোন - Indian Army

ABOUT THE AUTHOR

...view details