পাটন : চৰ্চাত পাটনৰ ৰেগিংকাণ্ড ৷ এই ৰেগিংকাণ্ডৰ বলি হৈ এজন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু হোৱাৰ হৈছে ৷ গুজৰাটৰ পাটন জিলাত এজন চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰক তেওঁৰ জ্যেষ্ঠসকলে ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
সংবাদ সংস্থা PTI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, ৰেগিঙৰ সময়ত প্ৰায় তিনি ঘণ্টা ধৰি ভুক্তভোগী ছাত্ৰজনক থিয় কৰাই ৰাখিছিল তেওঁৰ জ্যেষ্ঠসকলে ৷ যাৰ ফলত MBBS ৰ যুৱ ছাত্ৰজনৰ মৃত্যু হয় ।
MBBS ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনিল নাটৱাৰভাই মেথানিয়াক (১৮) শনিবাৰে নিশা (১৬ নৱেম্বৰ, ২০২৪) জি এম আৰ এছ মেডিকেল কলেজ আৰু হাস্পতাল(GMERS Medical College and Hospital)ৰ হোষ্টেলত তেওঁৰ ছিনিয়ৰসকলে ৰেগিং কৰে ৷ প্ৰায় তিনি ঘণ্টা ধৰি ছাত্ৰজনক জ্যেষ্ঠ ছাত্ৰই থিয় হ’বলৈ বাধ্য কৰায় ৷ ফলত অসুস্থ হৈ ভুক্তভোগী ছাত্ৰজন মাটিত ঢলি পৰে ৷
ৰেগিঙৰ অভিযোগ (ETV BHARAT)
কলেজৰ ডীন হাৰ্দিক শ্বাহৰ মতে, সুৰেন্দ্ৰনগৰ জিলাৰ জেছদা গাঁৱৰ বাসিন্দা অনিল অচেতন হৈ পৰাৰ লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক চিকিৎসকলে মৃত বুলি ঘোষণা কৰে । শ্বাহে কয় যে ভুক্তভোগীগৰাকীৰ সমনীয়াই উল্লেখ কৰা মতে তেওঁৰ জ্যেষ্ঠসকলে ৰেগিঙৰ সময়ত তেওঁক তিনি ঘণ্টা ধৰি থিয় কৰাইছিল ।
শ্বাহে কয়, "ছাত্ৰ মূৰ্ছা গৈ মাটিত ধলি পৰাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল ৷ তেওঁৰ সহপাঠীসকলে কয় যে অনিল তিনি ঘণ্টা থিয় হৈ আছিল ৷ কলেজৰ হোষ্টেলত জ্যেষ্ঠসকলে আগত নিজৰ পৰিচয় দিয়াৰ পিছতে তেওঁৰ মৃত্যু হয় ।" (PTI)
তেওঁ কয় যে মহাবিদ্যালয়খনৰ ৰেগিং বিৰোধী সমিতিয়ে ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ অভিযুক্ত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰী যদি এই ৰেগিংকাণ্ডৰ লগত জড়িত বুলি ধৰা পৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
PTI ৰ বাতৰিত উল্লেখ কৰা মতে, কলেজখনৰ প্ৰথম বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰই কয় যে সাতৰ পৰা আঠজন জ্যেষ্ঠ ছাত্ৰই কণিষ্ঠ ছাত্ৰৰ এটা দলক প্ৰায় তিনি ঘণ্টা থিয় হৈ এজন এজনকৈ নিজৰ পৰিচয় দিবলৈ বাধ্য কৰাইছিল ।
নাম প্ৰকাশ নকৰাকৈয়ে সংবাদ মাধ্যমৰ আগত এজন ছাত্ৰই কয়, "তেওঁলোকে আমাক থিয় হৈ থাকিবলৈ বাধ্য কৰাইছিল আৰু আমাক উত্তেজিত নহ’বলৈ কৈছিল । তেতিয়াই আমাৰ লগত থিয় হৈ থকা এজন ছাত্ৰ অচেতন হৈ পৰি যায় । আমি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গ'লো ৷ কিন্তু তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে ।"