অসম

assam

ETV Bharat / bharat

ছত্তীশগড়-ওড়িশা সীমান্তত সংঘৰ্ষ: ১২ নক্সালবাদী নিহত - GARIABAND ENCOUNTER

এনকাউণ্টাৰ স্থানৰ পৰা এটা চেল্ফ লোডিং ৰাইফলসহ বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ, গোলাবাৰুদ আৰু আই ই ডি উদ্ধাৰ ৷

ARIABAND NAXAL ENCOUNTER
ছত্তীশগড়-ওড়িশা সীমান্তত নক্সাল বিৰোধী অভিযান (ETV Bharat Chhattisgarh)

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 2:01 PM IST

গাৰিয়াবন্দ:সোমবাৰে নিশাৰে পৰা মঙলবাৰে পুৱালৈকে ছত্তীশগড়-ওড়িশা সীমান্তৰ ওচৰৰ গৰিয়াবন্দ জিলাৰ বনাঞ্চলত চলা নক্সাল বিৰোধী অভিযানত ১২ জন নক্সালবাদী নিহত হৈছে । যুটীয়া নক্সাল বিৰোধী অভিযানৰ অংশ হিচাপে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত ১২ জন নক্সালবাদী নিহত হোৱা বুলি দুয়োখন ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই মঙলবাৰে সদৰী কৰিছে ।

সোমবাৰে নিশা আৰু মঙলবাৰে পুৱা মইনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বনাঞ্চলত নতুনকৈ গুলীয়াগুলী সংঘটিত হোৱাত ১২ জন নক্সালবাদী নিহত হয়।

ইয়াৰ পূৰ্বে সোমবাৰে একেটা অভিযানৰ সময়ত সংঘটিত সংঘৰ্ষত দুজন মহিলা নক্সালবাদী নিহত হোৱাৰ লগতে এজন কোব্ৰা জোৱান আহত হয় বুলি এজন বিষয়াই সদৰী কৰিছে । তেওঁ কয় যে জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), ছত্তীশগড়ৰ কোব্ৰা আৰু ওড়িশা বিশেষ অভিযান গোটৰ (এছ অ' জি) নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে এই অভিযান চলায় ।

বিষয়াগৰাকীয়ে পুনৰ কয় যে ওড়িশাৰ নুৱাপাডা জিলাৰ সীমাৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত ছত্তীশগড়ৰ কুলাৰীঘাট সংৰক্ষিত বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্যৰ ভিত্তিত খবৰ পোৱাত ১৯ জানুৱাৰীৰ নিশা এই অভিযান আৰম্ভ কৰা হয় ।

সোমবাৰে অভিযানত দুগৰাকী মহিলা নক্সালবাদী নিহত হৈছিল । এনকাউণ্টাৰ স্থানৰ পৰা এটা চেল্ফ লোডিং ৰাইফলসহ বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ, গোলাবাৰুদ আৰু আই ই ডি উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে কয় । মাওবাদীৰ হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও তেওঁ কয় ।

এনকাউণ্টাৰটো নিশ্চিত কৰি গৰিয়াবন্দৰ আৰক্ষী অধীক্ষক নিখিল ৰাখেচাই কয় যে সোমবাৰে সন্ধিয়া মইনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বনাঞ্চলত নক্সাল বিৰোধী অভিযানৰ সময়ত গুলীচালনা হৈছিল । তেওঁ কয়,"গুলীবৰ্ষণ বন্ধ হোৱাৰ পিছত তালাচী অভিযানৰ সময়ত দুগৰাকী মহিলা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । নিহত নক্সালবাদীসকলৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হৈছিল । তেওঁলোকৰ চিনাক্তকৰণ হৈছে। এজন কোবৰা নেনাক গুলীয়াই হত্যা কৰা হৈছে । "

ওড়িশা আৰক্ষীয়ে এক পৃথক বিবৃতিত কয়," এই আন্তঃৰাজ্যিক অভিযানৰ সময়ত এছ অ' জি (বিশেষ অভিযান গোট) দলৰ সৈতে হোৱা গুলীয়াগুলীত নিশা আৰু পুৱাৰ ভাগত ১২ জন মাওবাদী নিহত হৈছে ।"

লগতে পঢ়ক:শ্বহীদ ৮ চিআৰপিএফ জোৱান; ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ প্ৰাণঘাতী আক্ৰমণ - CHHATTISGARH NAXAL ATTACK

আবুঝামদত গুলীবৰ্ষণ; ৪ নক্সালবাদীসহ এজন জোৱান নিহত - NAXAL ENCOUNTER

ABOUT THE AUTHOR

...view details