নতুন দিল্লী:যিসকল লোকৰ মৃত্যুৰ সৈতে ক’ভিড-১৯ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ সম্পৰ্ক আছে, তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণৰ সন্দৰ্ভত চৰকাৰে কোনো নীতি প্ৰণয়ন কৰিব পাৰে নেকি ? এই বিষয়ে মঙলবাৰে কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰে উচ্চতম ন্যায়ালয়ে ৷
বিষয়টো সন্দৰ্ভত ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে । কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে বিচাৰপীঠৰ সন্মুখত দাবী জনাই কয় যে ক’ভিড-১৯ ৰ ভেকচিনসমূহ বিশ্বৰ শ্ৰেষ্ঠ পদ্ধতিৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা চিকিৎসা প্ৰট’কলৰ দ্বাৰা পৰিচালিত প্ৰতিষেধক ৷
কেন্দ্ৰৰ অধিবক্তাই দাবী কৰে যে, কেৱল ক’ভিড-১৯ কহে দুৰ্যোগ বুলি ঘোষণা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰদান কৰা ভেকচিনৰ সৈতে ব্যক্তিৰ মৃত্যুৰ কোনো সম্পৰ্ক নাই ৷ অধিবক্তাগৰাকীয়ে দাবী কৰি কয় যে ক’ভিড-১৯ ৰ ভেকচিনৰ বাবে হোৱা মৃত্যুৰ ক্ষতিপূৰণ দিয়া সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত কোনো নীতি নাই ।
ভাটীয়ে কয় যে এক প্ৰট’কল স্থাপন কৰা হৈছে য’ত AEFI (monitoring) মেকানিজম জড়িত হৈ আছে ৷ যিয়ে মৃত্যুৰ কাৰণ কি, ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আছে নে নাই ইত্যাদি পৰীক্ষা কৰে ।
উচ্চতম ন্যায়ালয়ে মৌখিকভাৱে পৰ্যবেক্ষণ কৰিছিল যে ক’ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ বাবে হোৱা মৃত্যুৰ তুলনাত এই ভাইৰাছৰ বাবে হোৱা মৃত্যুক বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ৷ বিচাৰপীঠখনে মৌখিকভাৱে পৰ্যবেক্ষণ কৰিলে, "আপুনি ক’ব নোৱাৰে যে সেইবোৰ আন্তঃসংলগ্ন নহয় ৷"
দাখিল কৰা তথ্য শুনানিৰ অন্তত বিচাৰপীঠে কেন্দ্ৰক পৰীক্ষা কৰিবলৈ কয় যে ক’ভিড-১৯ ৰ ভেকচিনৰ বাবে হোৱা মৃত্যুৰ ক্ষতিপূৰণ প্ৰদান কৰিব পৰাকৈ নীতি প্ৰণয়ন কৰিব পৰা যাব নেকি । বিচাৰপীঠে কেন্দ্ৰৰ অধিবক্তাক তিনি সপ্তাহৰ পিছত উত্তৰ লৈ উভতি আহিবলৈ কয় ৷ তদুপৰি ১৮ মাৰ্চত বিষয়টোৰ শুনানিৰ দিন নিৰ্ধাৰণ কৰে ।