নতুন দিল্লী :পৰিয়ালৰ সদস্যসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চিতাভস্ম শিখ ৰীতি-নীতি অনুসৰি মজনু কা তিলা গুৰুদ্বাৰাৰ সমীপৰ যমুনা নদীত বিসৰ্জন দিয়ে । দেওবাৰে পুৱা সিঙৰ পৰিয়ালৰ সদস্যসকলে নিগমবোধ ঘাটৰ পৰা চিতাভস্ম সংগ্ৰহ কৰে আৰু পিছত গুৰুদ্বাৰাৰ সমীপৰ যমুনা নদীৰ পাৰত থকা অষ্ট ঘাটলৈ লৈ যায় । সিঙৰ পত্নী গুৰচৰণ কৌৰ, তেওঁলোকৰ তিনি কন্যা ক্ৰমে উপিন্দৰ সিং, দামন সিং আৰু অমৃত সিং আন আত্মীয়সকলৰ সৈতে চিতাভস্ম বিসৰ্জন স্থানত উপস্থিত থাকে ।
শিখ ৰীতি-নীতিৰ অংশ হিচাপে পৰিয়ালটোৱে অহা ১ জানুৱাৰীত ৩ মতিলাল নেহৰু মাৰ্গৰ চৰকাৰী বাসভৱনত এক 'অখণ্ড পাঠ' অনুষ্ঠিত কৰিব । সংসদ চৌহদৰ ওচৰৰ ৰকাব গঞ্জ গুৰুদ্বাৰাত ৩ জানুৱাৰীত 'ভোগ' অনুষ্ঠান, 'অন্তিম আৰ্দাস' আৰু 'কীৰ্তন' অনুষ্ঠিত হ'ব ।
নিগমবোধ ঘাটত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া
উল্লেখ্য যে বাৰ্ধক্যজনিত কাৰণত চিকিৎসাৰ সময়তে সিঙৰ ২৬ ডিচেম্বৰত দিল্লীৰ এইমছত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ । ১৯৯০ৰ দশকত অৰ্থনৈতিক উদাৰীকৰণৰ যুগ আৰম্ভ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শনিবাৰে নিগমবোধ ঘাটত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।