অসম

assam

ETV Bharat / bharat

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ দেহাৱসান - OM PRAKASH CHAUTALA PASSED AWAY

বিধায়ক নোহোৱাকৈয়ে মুখ্যমন্ত্ৰী হৈছিল চৌতালা ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ ৷

Om Prakash Chautala Passed Away
অজান দেশলৈ গ’ল গৈ হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 2:21 PM IST

গুৰুগ্ৰাম :হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ দেহাৱসান । ৮৯ বছৰ বয়সত গুৰুগ্ৰামত শেষ নিশ্বাস ত্যাগ কৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । জানিব পৰা মতে, দীৰ্ঘদিন অসুস্থ হৈ আছিল চৌতালা ।

ভাৰতীয় জাতীয় লোকদলৰ এজন কৰ্মীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ১১.৫০ বজাত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । তাৰ পাছত তেওঁত ততাতৈয়াকৈ গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতে তেওঁৰ মৃত্যু হয় ৷

মুখ্যমন্ত্ৰী নায়ব ছাইনীৰ শ্ৰদ্ধাঞ্জলি :

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব ছাইনীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, "হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী ওম প্ৰকাশ চৌতালা জীৰ বিয়োগৰ বাতৰি সকলোৰে বাবে অতি দুখজনক । মোৰ ফালৰ পৰা তেখেতলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো । তেওঁ গোটেই জীৱন ৰাজ্য আৰু সমাজৰ সেৱা আগবঢ়াইছিল । তেওঁৰ মৃত্যু ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি । প্ৰভু শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে যাতে বিদেহী আত্মাক শান্তি আৰু শোকসন্তপ্ত পৰিয়ালক শক্তি প্ৰদান কৰে ।’’

প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ হুডাৰ শোক :হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ হুদাই ওম প্ৰকাশ চৌতালাৰ মৃত্যুত শোক প্ৰকাশ । তেওঁ কয়, "তেওঁ ৰাজ্যৰ বিধায়ক হিচাপে, মুখ্যমন্ত্ৰী হিচাপে জনসাধাৰণৰ বাবে সেৱা আগবঢ়াইছিল । এই ক্ষতি কাহানিও পূৰণ কৰিব নোৱাৰি । তেওঁৰ সৈতে মোৰ পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কও আছিল ।"

কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ শ্ৰদ্ধাঞ্জলি :

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালেও ওম প্ৰকাশ চৌতালাৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, "হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা জীৰ মৃত্যুৰ খবৰটো অতি দুখজনক ৷ ৰাজ্যখনৰ উন্নয়নত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান সদায় স্মৰণীয় হৈ থাকিব । মোৰ শোক সমবেদনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে ৷ তেওঁৰ বিদায়ী আত্মাক শান্তি দিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷ ঔম শান্তি ।’’

ওম প্ৰকাশ চৌতালাৰ ৰাজনৈতিক জীৱন :

১৯৩৫ চনৰ ১ জানুৱাৰীত হাৰিয়ানাৰ ছিৰছা জিলাৰ চৌটালা গাঁৱত ওম প্ৰকাশ চৌতালাৰ জন্ম হৈছিল । তেওঁৰ পিতৃ চৌধুৰী দেৱী লাল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু দেশৰ উপ-প্ৰধানমন্ত্ৰী আছিল । পূৰ্বৰে পৰা ঘৰখনত ৰাজনীতিৰ এক পৰিৱেশ আছিল, যিয়ে তেওঁৰ ভৱিষ্যত জীৱনৰ পথ নিৰ্ধাৰণ কৰি লৈছিল । পঢ়া-শুনা মাজ বাটতে এৰি এটা সময়ত তেওঁ দেউতাকৰ পদাংক অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল ।

লাহে লাহে হাৰিয়ানাৰ বিশিষ্ট নেতাসকলৰ ভিতৰত ওম প্ৰকাশ চৌতালাৰ নামো অন্তৰ্ভুক্ত হৈছিল । তেওঁ পিতৃৰ দৰেই হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ আসনো শুৱনি কৰিছিল । ৭ বাৰকৈ তেওঁ বিধায়ক হোৱাৰ লগতে ৫ বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হৈছিল । বৰ্তমান তেওঁ হাৰিয়ানাৰ আঞ্চলিক দল ইণ্ডিয়ান নেচনেল লোকদলৰ (Indian National Lok Dal) ৰাষ্ট্ৰীয় অধ্যক্ষও আছিল ।

মাত্ৰ এবাৰহে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে :

ওম প্ৰকাশ চৌতালা ৪ বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হৈছিল, কিন্তু মুখ্যমন্ত্ৰীৰ এই ৫ বছৰীয়া কাৰ্যকাল এবাৰহে তেওঁ সম্পূৰ্ণ কৰিব পাৰিছিল । চৌতালাৰ ভাৰতীয় জাতীয় লোকদলে ২০০০ চনত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল, যিখন চৰকাৰ ৫ বছৰ ধৰি চলিছিল আৰু এই সময়ছোৱাত ওম প্ৰকাশ চৌতালা মুখ্যমন্ত্ৰী আছিল।

কিন্তু ১৯৮৯ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত ডেৰ বছৰ নৌহওঁতেই তিনিবাৰকৈ মুখ্যমন্ত্ৰী হয় । ১৯৮৯ চনৰ ডিচেম্বৰ মাহত যেতিয়া চৌধুৰী দেৱীলাল দেশৰ উপ-প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁৰ পুত্ৰ ওম প্ৰকাশ চৌতালাক বিধায়ক নহৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পদটো দিছিল । যেতিয়া দেৱীলালৰ মেহাম বিধানসভাৰ আসন খালী হৈছিল, তেতিয়া ১৯৯০ চনৰ ২৭ ফেব্ৰুৱাৰীত উপ-নিৰ্বাচনৰ সময়ত বুথ ধৰা পৰাৰ পৰা আৰম্ভ কৰি গুলীচালনালৈকে বিভিন্ন ঘটনা সংঘটিত হৈছিল, য’ত ৮ জন লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ পিছত নিৰ্বাচন বাতিল কৰা হয় ।

নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাকৈয়ে মুখ্যমন্ত্ৰী :

প্ৰায় ৩ মাহৰ পাছত ১৯৯০ চনৰ ২১ মে’ত মেহামৰ আসনত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল যদিও এজন প্ৰার্থীক হত্যা কৰা হ’ল ৷ ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে গোচৰটোৰ তদন্ত কৰিছিল এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ।

কেন্দ্ৰীয় চৰকাৰ আৰু উপ-প্ৰধানমন্ত্ৰী দেৱীলালৰ ওপৰত যেতিয়া হেঁচা বাঢ়িছিল, তেতিয়া ওম প্ৰকাশ চৌতালাৰ পদত্যাগ কৰিছিল । ১৭২ দিন মুখ্যমন্ত্ৰী হৈ পদত্যাগ কৰিছিল চৌতালাই ৷ বিশেষ কথাটো হ’ল এই সময়ছোৱাত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত নোহোৱাকৈ মুখ্যমন্ত্ৰী হৈয়েই থাকিল ।

কেতিয়াবা ৫ দিন আৰু কেতিয়াবা ১৫ দিনৰ মুখ্যমন্ত্ৰী :

ইয়াৰ পাছত জনতা দলে বানাৰসী দাসক মুখ্যমন্ত্রী পাতিলে যদিও তেওঁ মাত্ৰ ৫১ দিন মুখ্যমন্ত্রী হৈ থাকিল, ১৯৯০ চনৰ ১২ জুলাইত ওম প্ৰকাশ চৌতালা পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিল ৷ কংগ্ৰেছে যেতিয়া পুনৰ মেহামৰ ঘটনা উত্থাপন কৰিলে, তেতিয়া ১৭ জুলাইত মাত্ৰ ৫ দিনৰ অন্তত ওম প্ৰকাশ চৌতালাই পদত্যাগ কৰিবলগীয়া হ’ল ।

১৭ জুনত হুকুম সিঙে মুখ্যমন্ত্ৰীৰ দায়িত্ব লয় যদিও ২৪৮ দিনৰ পিছত ওম প্ৰকাশ চৌতালাই তেওঁক অধ্যক্ষৰ পৰা অপসাৰণ কৰি পুনৰ ১৯৯০ চনৰ ২২ মাৰ্চত মুখ্যমন্ত্ৰী হয় । যেতিয়া পুনৰ প্ৰতিবাদ হ’ল, তেতিয়া ৫ এপ্ৰিলত ১৫ দিনৰ মূৰত তেওঁ চকী এৰি থৈ গ’ল । ইয়াৰ পিছত হাৰিয়ানাত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয় ।

লগতে পঢ়ক :কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী: হোটেলতে আবদ্ধ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি

লগতে পঢ়ক :সাৰ কাৰখানাৰ পৰা এ পি ডি চি এললৈকে: কি কি সিদ্ধান্ত ল'লে কেবিনেটে ?

ABOUT THE AUTHOR

...view details