নেশ্যনেল ডেস্ক, 8 আগষ্ট :পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান ৷ বৃহস্পতিবাৰে পুৱা 8.20 বজাত পাম এভিনিউৰ বাসগৃহত শ্বাস-প্ৰশ্বাসজনিত দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মৃত্যু ঘটে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ মৃত্যুৰ সময়ত পত্নী মীৰা ভট্টাচাৰ্য আৰু পুত্ৰ সুচেতন ভট্টাচাৰ্যক ইহসংসাৰত এৰি থৈ যায় ৷
মৃত্যুৰ সময়ত ভট্টাচাৰ্যৰ বয়স আছিল 80 বছৰ । ভট্টাচাৰ্যৰ পুত্ৰ সুচেতনে এই খবৰ ৰাজহুৱা কৰে ৷ দীৰ্ঘদিনে অসুস্থতাত ভুগি থকা ভট্টাচাৰ্যৰ ঘৰতে চিকিৎসা চলি আছিল ৷
জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে দেহদান কৰি থৈ গৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বংগত বাওঁমৰ্চাৰ 34 বছৰীয়া শাসনকালত ভট্টাচাৰ্য আছিল দ্বিতীয় আৰু অন্তিমগৰাকী চিপিএমৰ মুখ্যমন্ত্ৰী ৷ যিয়ে 11 বছৰ ধৰি অৰ্থাৎ 2000 চনৰ পৰা 2011 চনলৈ গ্ৰহণ কৰিছিল কাৰ্যভাৰ ৷
পৰিয়ালৰ সূত্ৰ অনুসৰি, প্ৰবীণ চিপিআই(এম) নেতাগৰাকীয়ে বিগত তিনিদিন ধৰি জ্বৰত ভুগি আছিল । লগতে আৰম্ভ হৈছিল হাঁওফাঁওৰ সংক্ৰমণ ৷ আগতেও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক কেইবাবাৰো ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ।