অসম

assam

ETV Bharat / bharat

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ: নিহত ৩০ মাওবাদী - Abujhmad encounter

Encounter in Abujhmad: আবুঝমাড়ৰ অৰণ্যত লুকাই থকা মাওবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । ৩০ মাওবাদী নিহত ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 3 hours ago

Encounter in Abujhmad
ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,৪ অক্টোবৰ :ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান । অভিযানৰ মাজতে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ । নাৰায়ণপুৰ আৰু দান্তেৱাড়াৰ সীমান্ত অঞ্চলৰ আবুঝমাড়ৰ অৰণ্যত সংঘটিত হয় এই সংঘৰ্ষ । আৰক্ষীয়ে জনোৱা মতে দুপৰীয়া প্ৰায় ১ মান বজাত এনকাউণ্টাৰ আৰম্ভ হৈছিল । দান্তেৱাড়াৰ আৰক্ষী অধীক্ষকে জনোৱা মতে এই এনকাউণ্টাৰত ৩০ টা মাওবাদী নিহত হৈছে । দান্তেৱাড়া আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে । ইফালে এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ কোনো জোৱান হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

নিৰাপত্তা বাহিনী-মাওবাদীৰ সংঘৰ্ষ

আৰক্ষীয়ে জনোৱা মতে নিৰাপত্তা বাহিনীৰ দলটোৱে নিয়মীয়া অনুসন্ধানৰ বাবে গৈছিল । ঘন অৰণ্যত তালাচীৰ সময়তে দলটোৱে মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰে । ইফালে দলটো আগবাঢ়ি যোৱাৰ লগে লগে মাওবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে । আৰক্ষীয়ে জনোৱা মতে নাৰায়ণপুৰ আৰু দান্তেৱাড়া আৰক্ষীৰ এটা যুটীয়া দল এই সংঘৰ্ষত জড়িত আছিল ।

আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কয়, "মাওবাদী বিৰোধী অভিযানৰ অধীনত মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত তালাচী অভিযান চলোৱা হৈছে । আজি গোপন সূত্ৰই এক খবৰ দিছিল যে অৰণ্যত মাওবাদীয়ে আত্মগোপন কৰি আছে আৰু এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰি আছে । তথ্য পোৱাৰ পিছতে নিৰাপত্তা বাহিনীৰ দলটোক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । নিৰাপত্তা বাহিনীৰ উপস্থিতিৰ উমান পাই মাওবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে । নিৰাপত্তা বাহিনীয়ে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিয়ে । এই সংঘৰ্ষত কেইবাটাও মাওবাদী নিহত হৈছে ।" আৰক্ষী অধীক্ষকৰ মতে নিহত মাওবাদীৰ কেইবাটাও মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে । ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এ কে-৪৭, এটা এছ এল আৰকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে ।

লগতে পঢ়ক :মণিপুৰত আছাম ৰাইফলছৰ অভিযানত জব্দ অস্ত্ৰ ভাণ্ডাৰ - Manipur arms recovery

Last Updated : 3 hours ago

ABOUT THE AUTHOR

...view details