অসম

assam

ETV Bharat / bharat

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সমীপতে ভয়ংকৰ অগ্নিকাণ্ড - Manipur Violence

Manipur Violence: মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সমীপত থকা এটা পৰিত্যক্ত অট্টালিকাত শনিবাৰে সন্ধিয়া জুইৰ সূত্ৰপাত হয় । অট্টালিকাটো গোৱাৰ প্ৰাক্তন মুখ্য সচিব প্ৰয়াত টি কিপগেনৰ পৰিয়ালৰ আছিল । কোনো লোক হতাহত হোৱা নাই ।

Manipur Violence
মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সমীপতে অগ্নিকাণ্ড (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 12:48 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুন :মণিপুৰ সচিবালয়, আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসভৱনৰ সমীপতে ভয়ংকৰ অগ্নিকাণ্ড । এটা নিজান অট্টালিকাত এই ঘটনা সংঘটিত হয় । যাৰ ফলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । অগ্নিকাণ্ডৰ স্থান মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰী বাসভৱনৰ পৰা মাত্ৰ কেইশ মিটাৰ দূৰত ।

ইয়াৰ পূৰ্বে সোমবাৰে হিংসাজৰ্জ জিৰিবামলৈ যোৱাৰ পথক মুখ্যমন্ত্ৰীৰ কনভয় কাংপোকপি জিলাত সশস্ত্ৰ উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈছিল । এই আক্ৰমণত মণিপুৰ আৰক্ষীৰ এগৰাকী জোৱান আৰু এজন চালক আহত হৈছিল ।

এগৰাকী বিষয়াই জনোৱা মতে অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন বাহন ঘটনাস্থলীত উপস্থিত হয় । কিছু সময়ৰ পিচতে জুই নিৰ্বাপণ কৰা হয় । এই অগ্নিকাণ্ডত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কোৱা মতে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

জানিব পৰা মতে অট্টালিকাটো গোৱাৰ প্ৰাক্তন মুখ্য সচিব আইএএছ বিষয়া প্ৰয়াত টি কিপগেনৰ পৰিয়ালৰ আছিল । যোৱা বছৰ মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা ঘৰটোত কোনো নাছিল । বিষয়াসকলৰ মতে কুকি জনজাতিৰ শীৰ্ষ সংস্থা কুকি ইনপিৰ পূৰ্বৰ মুখ্য কাৰ্যালয়ৰ সমীপত আছিল এই পৰিত্যক্ত অট্টালিকাটো ।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পূৰ্বে ঘোষণা কৰা হিংসাপীড়িত জিৰিবাম ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিছে । অৱশ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী বাতিল কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু অনুমান কৰা হৈছে যে জিৰিবামৰ প্ৰতিকূল বতৰৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক :মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE

ABOUT THE AUTHOR

...view details