অসম

assam

ETV Bharat / bharat

দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড; জৰুৰী অৱতৰণ - Fire in Air India Flight - FIRE IN AIR INDIA FLIGHT

Fire in Flight : শুকুৰবাৰে বিয়লি বাংগালুৰুৰ পৰা দিল্লীলৈ যোৱা এখন বিমানৰ এক ইউনিটত অগ্নিকাণ্ড সংঘটিত হয় । ঘটনাটোৰ পিচতে বিমানবন্দৰত তৎক্ষণাৎ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । লগেতে নিৰ্দেশ পোৱাৰ পিচত বিমানখনে জৰুৰী অৱতৰণ কৰে । বিমানখনত ১৭৫ গৰাকী যাত্ৰী আছিল ।

Fire in Flight
দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 18, 2024, 7:05 AM IST

নিউজ ডেস্ক, 18 মে' :দিল্লী বিমানবন্দৰত এখন বিমানত অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱাদুৱা লাগি পৰে । শুকুৰবাৰে আবেলি দিল্লীৰ পৰা বেংগালুৰু অভিমুখী 807 নম্বৰৰ বিমানখনত জুই লাগে । ফলত বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয় । অৱশ্যে সকাহৰ বিষয় যে এই ঘটনাটোত কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

সূত্ৰ অনুসৰি, ঘটনাটোৰ বিষয়ে তথ্য লাভৰ পিচত বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় । ইফালে ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় 1 ঘণ্টা পিচত বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰা হয় । সৌভাগ্যবশত কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই । এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে 807 নম্বৰৰ বিমানখন দিল্লীৰ পৰা বেংগালুৰুলৈ উৰা মাৰিছিল । কিন্তু অলপ পিচতে বিমানখনৰ এটা ইউনিটত জুইৰ শিখা দেখা যায় ।

ইয়াৰ পিচত ঘটনাটোৰ তথ্য তৎক্ষণাৎ নিয়ন্ত্ৰণ কক্ষক দিয়া হয় । তাৰ মাজতে বিমানখনক জৰুৰী অৱতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয় । বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে বিমানখনত 175 গৰাকী যাত্ৰী আছিল ।

উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ বিমান নম্বৰ 807 দিল্লীৰ পৰা বেংগালুৰুলৈ গৈ আছিল । বেংগালুৰু পোৱাৰ পূৰ্বেই অগ্নিকাণ্ড সংঘটিত হোৱাৰৰ খবৰ পোৱা যায় । যাৰ বাবে বিমানবন্দৰত জৰুৰীকালীন কল কৰা হয় আৰু বিমানখন সন্ধিয়া প্ৰায় 7 বজাত সুৰক্ষিতভাৱে অৱতৰণ কৰে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অগ্নিকাণ্ড কোনো শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :

দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক আক্ৰমণ - Lok Sabha Election 2024

ৰাহুল গান্ধীক ১০০০ টকা জৰিমনা বিহিলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে - Rahul Gandhi

ABOUT THE AUTHOR

...view details