নেশ্যনেল ডেস্ক,১৫ মাৰ্চ :দিল্লী চলো পদযাত্ৰাৰ অংশ হিচাপে কৃষক সংগঠনসমূহে সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে শুকুৰবাৰে কৃষক নেতাসকলে শ্বহীদ কৃষক শুভকৰণৰ গাঁৱত উপস্থিত হ'ব আৰু কৃষক আন্দোলনৰ সময়ত মৃত্যুক আঁকোৱালি লোৱা কৃষকগৰাকীৰ চিতাভস্ম সংগ্ৰহ কৰিব ।
খানৌৰী সীমান্তত কৃষক আন্দোলনৰ সময়ত ২১ ফেব্ৰুৱাৰীত শ্বহীদ হোৱা যুৱ কৃষক শুভকৰণৰ চিতাভস্ম সংগ্ৰহ কৰিবলৈ ইউনাইটেড কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ-মজদুৰ মৰ্চাৰ কৃষক নেতাসকলে বাথিণ্ডাৰ বালো গাঁৱত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে । ইয়াৰ পিচত কৃষকসকলে হাৰিয়ানা আৰু পাঞ্জাবকে ধৰি বিভিন্ন ৰাজ্যলৈ চিতাভস্ম লৈ কলহ যাত্ৰা কৰিব ।
কৃষক নেতাসকলে ইতিমধ্যে ঘোষণা কৰিছে যে বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে শ্বহীদ শুভকৰণ সিং আৰু কৃষক আন্দোলন-২ৰ অন্যান্য শ্বহীদসকলৰ নামত ফলক আৰু ক'লা পতাকা প্ৰদৰ্শন কৰিব । ইফালে ২২ মাৰ্চত হিছাৰত আৰু ৩১ মাৰ্চত আম্বালাৰ মোহৰা আনাজ মাণ্ডিত কৃষক সংগঠনসমূহে শ্বহীদ দিৱস পালন কৰিব ।