অসম

assam

ETV Bharat / bharat

দিনটোৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা; কন্দুৱা গেছ নিক্ষেপত আহত কেইবাজনো কৃষক - FARMERS SUSPEND MARCH

প্ৰতিবাদকাৰী কৃষক নেতাই দাবী কৰে যে হাৰিয়ানাৰ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত পাঁচ-ছয়জন প্ৰতিবাদকাৰী কৃষক আহত হয় ।

FARMERS SUSPEND MARCH
দিনটোৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা (PTI)

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 6:45 PM IST

নতুন দিল্লী:প্ৰতিবাদী কৃষকৰ দিল্লী যাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছে । পঞ্জাবৰ এগৰাকী কৃষক নেতাই জনোৱা অনুসৰি, প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত তেওঁলোকৰ কেইজনমান প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হোৱাৰ পিচত এই পদযাত্ৰা স্থগিত ৰাখে । "কেইজনমান কৃষকৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি আমি আজিৰ বাবে যাত্ৰা বন্ধ ৰাখিছোঁ ।" কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয় ।

কৃষক নেতাজনে দাবী কৰে যে হাৰিয়ানাৰ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত পাঁচৰ পৰা ছয়জন প্ৰতিবাদকাৰী কৃষক আহত হয় । কৃষক সংস্থাসমূহৰ দুটা মঞ্চ সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই এক বৈঠকৰ পিচত পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব বুলি তেওঁ লগতে কয় ।

শুকুৰবাৰে ১০১ জন কৃষকৰ এটা 'জাঠা'ই শম্ভু সীমান্তত তেওঁলোকৰ প্ৰতিবাদস্থলীৰ পৰা'দিল্লী চলো' পদযাত্ৰা আৰম্ভ কৰে । কিন্তু কেইবা স্তৰীয় বেৰিকেডৰ দ্বাৰা তেওঁলোকৰ যাত্ৰা কেইমিটাৰমান দূৰৈতে অৱৰোধ কৰা হয় ।

আনহাতে, কৃষকসকলে বেৰিকেডৰ পৰা আঁতৰি আহি দিল্লী অভিমুখে যাবলৈ চেষ্টা কৰাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে । যাৰ ফলত কেইবাজনো লোক আহত হয় বুলি কৃষক সংগঠনসমূহে দাবী কৰে । আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে ।

হাৰিয়ানা আৰক্ষীয়ে বাৰে বাৰে কৃষকসকলক আগবাঢ়ি নাযাবলৈ সকীয়াই দিয়াৰ লগতে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ (বি এন এছ এছ) ধাৰা 163-ৰ অধীনত সমাবেশ নিষিদ্ধ থকা আদেশৰ উদ্ধৃতি দিয়ে । আম্বালা জিলা প্ৰশাসনে জিলাখনত পাঁচ বা ততোধিক লোকৰ যিকোনো বেআইনী সমাবেশ নিষিদ্ধ কৰিছে । কৃষকসকলে শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ বাবে আইনী নিশ্চয়তাৰ বাবে কেন্দ্ৰক বাধ্য কৰাবলৈ আগবাঢ়িছে ।

কিন্তু কৃষক সংগঠনৰ পতাকা হাতত লোৱা কেইজনমান কৃষকে নিৰাপত্তাৰক্ষীয়ে লগোৱা লোৰ জালখন ঘাগৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ তলত পেলাই দিয়ে । আনহাতে, সীমান্তৰ হাৰিয়ানাৰ ফালে বৃহৎ মাত্ৰাত নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে ।

ইফালে জিলাখনৰ উপায়ুক্তই নিৰ্দেশ দিয়ে যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে পদযাত্ৰা, বাহন বা অন্যান্য পদ্ধতিত কোনো সমদলৰ অনুমতি দিয়া নহ'ব । ইয়াৰ পূৰ্বে আম্বালা কৰ্তৃপক্ষই জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল । অত্যাৱশ্যকীয় সামগ্ৰী লগত লৈ কৃষকসকলে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে শান্তিপূৰ্ণভাৱে আগবাঢ়িব ।

উল্লেখ্য যে সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ বেনাৰত কৃষকসকলে পূৰ্বৰে পৰা শম্ভু আৰু খানাউৰী সীমান্তত শিবিৰ পাতি আছে । বুধবাৰে হাৰিয়ানাৰ আম্বালাৰ জিলা প্ৰশাসনে পঞ্জাবৰ কৃষকসকলক তেওঁলোকৰ দিল্লীলৈ প্ৰস্তাৱিত পদযাত্ৰা পুনৰ বিবেচনা কৰিবলৈ কয় আৰু দিল্লী আৰক্ষীৰ পৰা অনুমতি পোৱাৰ পিচতহে তেওঁলোকক পৰৱৰ্তী পদক্ষেপৰ বিষয়ে চিন্তা কৰিবলৈ জনায় ।

দিল্লী আৰক্ষীয়ে অৱশ্যে কয় যে তেওঁলোকে পঞ্জাবৰ কৃষকসকলৰ পৰা দিল্লীলৈ যাত্ৰা কৰিবলৈ কোনো অনুৰোধ লাভ কৰা নাই । আম্বালা প্ৰশাসনে জিলাখনত পাঁচ বা ততোধিক লোকৰ সমাবেশ সীমিত কৰি বি এন এছ এছৰ ১৬৩ ধাৰা জাৰি কৰিছে আৰু শম্ভু সীমান্তৰ ওচৰৰ প্ৰতিবাদস্থলীত জাননী জাৰি কৰিছে । সোমবাৰে কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয় যে কৃষকসকলৰ এটা প্ৰতিনিধি দলে আম্বালাৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে আৰু ৬ ডিচেম্বৰত দিল্লীলৈ তেওঁলোকৰ পদযাত্ৰাৰ বিষয়ে অৱগত কৰে ।

পান্ধেৰে কয় যে প্ৰতিনিধি দলটোৱে আৰক্ষীক আশ্বাস দিছিল যে পদযাত্ৰা শান্তিপূৰ্ণ হ'ব আৰু পথটোত যান-বাহন অৱৰোধ কৰা নহ'ব । এম এছ পিৰ উপৰি কৃষকসকলে ঋণ ৰেহাই, কৃষক আৰু কৃষি শ্ৰমিকসকলৰ বাবে পেঞ্চন, আৰু বিদ্যুতৰ শুল্ক বৃদ্ধি নকৰাৰ দাবী জনাইছে । তেওঁলোকে ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ ভুক্তভোগীসকলৰ বাবে ন্যায় দাবী কৰিছে । ভূমি অধিগ্ৰহণ আইন, ২০১৩ পুনৰ বলৱৎ আৰু ২০২০-২১ বৰ্ষত পূৰ্বৰ আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰো দাবী জনাইছে ।

লগতে পঢ়ক :বাংলাদেশ চলো অভিযান: আখৌৰা চেকপোষ্টত ত্ৰিপুৰা আৰক্ষীৰ তীক্ষ্ণ দৃষ্টি
লগতে পঢ়ক :টকাৰ টোপোলাক লৈ ৰাজ্যসভাত হাহাকাৰ

ABOUT THE AUTHOR

...view details