নেশ্যনেল ডেস্ক,৭ মাৰ্চ :বিগত মাহত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু এছবিআইয়ে এই নিৰ্দেশ পালন কৰাত ব্যৰ্থ হয় আৰু ৩০ জুনলৈ সময় বিচাৰিছে । এছবিআইৰ এই ব্যৰ্থতাৰ বাবে এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে আদালতৰ কাষ চাপিছে । এডিআৰয়ে নিৰ্বাচনী বণ্ডৰ বিৱৰণ প্ৰকাশৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ৬ মাৰ্চৰ সময়সীমা পালন নকৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অৱমাননাৰ আবেদন দাখিল কৰিছে । অধিবক্তা প্ৰশান্ত ভূষণে বৃহস্পতিবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এডিআৰৰ আবেদনৰ কথা উল্লেখ কৰিছে ।
এডিআৰক প্ৰতিনিধিত্ব কৰি ভূষণে কয় যে এছবিআইয়ে অতিৰিক্ত সময় বিচাৰি আবেদন দাখিল কৰিছে যিটো বিষয়ত সোমবাৰে শুনানি হোৱাৰ সম্ভাৱনা আছে । তেওঁ কয় যে ইয়াৰ বিপৰীতে এডিআৰয়েও এছবিআইৰ বিৰুদ্ধে অৱমাননাৰ আবেদন দাখিল কৰিছে । তেওঁলোকৰ এই আবেদনখনো একেদিনাই তালিকাভুক্ত কৰিবলৈ আহ্বান জনাইছে । অৱশ্যে বিচাৰপীঠে এই আবেদন পৰীক্ষা কৰিবলৈ সন্মত হৈছে ।
বিচাৰপীঠে এডিআৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীক এটা ইমেইল প্ৰেৰণ কৰিবলৈ কৈছে আৰু আশ্বাস দিছে যে এই আবেদনৰ শুনানিৰ বাবে ১১ মাৰ্চত তালিকাভুক্ত কৰা হ'ব ।