যোৰহাট : অসমৰ এখন বিশেষ গাঁও ৷ এই গাঁওখনৰ আছে বিশেষ বৈশিষ্ট ৷ নাম যাৰ কৰঙা ৷ এই কৰঙা গাঁওখন আছে যোৰহাট জিলাত । আহোম ৰাজত্বৰ কাল পৰাই চলি অহা কমাৰ শিল্প বাবে বিশ্ব বিখ্যাত এইখন বিশেষ গাঁও । আজিও অঞ্চলটোত বংশানুক্ৰমে জীয়াই আছে কমাৰ শিল্প ৷
বহু প্ৰত্যাহ্বানৰ মাজেৰে আহোম যুগৰ এই শিল্পটো জীয়াই ৰখাত ব্ৰতী হৈ আছে অঞ্চলটোৰ ৰাইজ । দিনে নিশাই এই শালতে গাঁওবাসীয়ে প্ৰস্তুত কৰি আহিছে উন্নত মানদণ্ডৰ দা কটাৰীকে ধৰি অন্যান্য লোৰ সামগ্ৰী ।
কমাৰ শিল্পৰ লগত জড়িত মিণ্টু দত্তৰ নামৰ যুৱকজনে কয়, ‘‘আমাৰ এই শিল্পটো আহোম ৰজাৰ দিনৰে পৰাই চলি আহিছে ৷ ৰজাৰ দিনত কৰঙা কমাৰ শিল্পত প্ৰয়োজনীয় তৰোৱাল, বৰঢোপ আদি বনাইছিল আৰু ৰজাৰ শাসন শেষ হোৱাৰ পিছত ব্ৰিটিছৰ শাসন আহিল ৷ ব্ৰিটিছৰ আদেশত চাহ বাগিছাৰ বাবে মণিৰাম দেৱানে সেই সময়ত কলম কটাৰী আদি ইয়াতে বনাইছিল আৰু কৰঙাৰ কমাৰশালৰ পৰাই যোগান ধৰা হৈছিল কলম কটাৰী।’’
ভাৰতৰ স্বাধীনতা লাভৰ পিছতো এই শিল্প কৰ্মক আগবঢ়াই নিছে কৰঙাৰ স্থানীয় কমাৰসকলে ৷ এই বিষয়ে অধিক তথ্য সদৰী কৰি মিণ্টু দত্তই ইটিভি ভাৰতক জনায়, ‘‘১৯৫০ চনত কৰঙা কমাৰ শিল্প নামেৰে এখন সমবায় গঠন হৈছিল ৷ তেতিয়া সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিষ্ণু ৰাম মেধিয়ে (১৯৫২ চনত) এই শিল্প লগত জড়িত সমবায়খনক অসমৰ ছেফিল বুলি কৈছিল ৷ লাহে ১৯৭৫ চনত সমবায়খন ধ্বংস হৈ গৈছিল, তাৰ পিছত কৰঙাৰ সকলো ঘৰে ঘৰে কমাৰশাল গঢ় লৈ উঠে আৰু গাঁৱৰ সকলো লোক এই শিল্পৰ লগত জড়িত হৈ নিজেই নিজেই কৰিবলৈ লয় ।’’
বৰ্তমান সময়তো কৰঙাই ব্ৰিটিছ যুগৰ পৰা চলি অহা পৰম্পৰা বজায় ৰাখি অক্ষুণ্ণ ৰাখিছে নিজৰ পৰিচয় ৷ অঞ্চলটোৰ অধিকাংশ লোকৰেই পৰিচয় আজি এজন কমাৰ হিচাপে ৷ ‘‘কৰঙাত বৰ্তমান পঞ্চাশখনৰো অধিক শাল আছে আৰু তিনিশৰ পৰা চাৰিশ পৰিয়াল ইয়াৰ পৰা উপকৃত হৈছে ৷ কমাৰ শিল্পৰ বাবে প্ৰয়োজনীয় লোহাসমূহ স্কেপৰ পৰা লোৱা হয় আৰু কয়লাসমূহ লিডুৰ পৰা অনা হয় ।’’ মিন্টু দত্তই কয় ৷
দত্তই আৰু কয়, ‘‘কৰঙা কমাৰ শিল্পত প্ৰাণ পাই উঠা দা, কটাৰী লগতে লোহাৰ সামগ্ৰীসমূহ অসমৰ লগতে কেৰালা, দিল্লী আৰু গুজৰাট আদি ৰাজ্য লৈ যোগান ধৰা হয় ৷ কেৱল দেশতেই কৰঙা কমাৰ শিল্প বিস্তাৰিত হৈ থকা নাই ৷ সুদূৰ আফ্ৰিকালৈয়ো সম্প্ৰসাৰিত হৈছে এই শিল্প ৷ কাৰণ কৰঙাৰ কলম কটাৰী আফ্ৰিকা লৈও যোগান ধৰা হয় ।’’
"আনহাতে লোহাৰত আমি যিটো হাৰট নেচ কৰো, সেয়া শিকিবলৈ বিজ্ঞানী পৰ্যন্ত আহে আৰু লোহাৰ সামগ্ৰীত হাৰট নেচ কৰাৰ বাবে কৰঙা এই শিল্প বিশ্ব বিখ্যাত ৷ বিজ্ঞানীসকলে পঢ়ি শিকে, কিন্তু আমি কৰি শিকো বুলি তেওঁ উল্লেখ কৰে । আনহাতে একাংশই কৰঙাৰ দা, কটাৰী বুলি কৈ বিভিন্ন লোহাৰ সামগ্ৰী বিক্ৰী কৰি কৰঙাৰ কমাৰ শিল্পক বদনাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ৷’’
লগতে মিন্টু দত্তই কয়, ‘‘বৰ্তমান অঞ্চলটোৰ বহু উচ্চশিক্ষিত নৱপ্ৰজন্মই চৰকাৰী চাকৰি বিচাৰি দৌৰি থকাৰ বিপৰীতে ৰজাৰ দিন পৰা চলি অহা এই শিল্পত মনোনিৱেশ কৰি কমাৰ শিল্পক আগুৱাই লৈ যোৱাত একাত্মক হৈ পৰিছে । বৃহত্তৰ অঞ্চলটো শৈক্ষিক হাৰ বহুত উন্নত ৷ কাৰণ এই অঞ্চলটো বহু কেইখন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান আছে ।’’ এই কমাৰ শিল্পৰ দ্বাৰা বছৰি আনুমানিক ৪০ পৰা ৫০ লাখ পৰ্যন্ত আয় অৰ্জন কৰিব পাৰি বুলিও তেওঁ কয় ।