অসম

assam

ETV Bharat / bharat

সকলোৱে অনুশোচনা কৰিব, দেশত ক’লা ধন বৃদ্ধি পাব: নিৰ্বাচনী বণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী - PM Modi On Electoral Bonds - PM MODI ON ELECTORAL BONDS

PM Modi On Electoral Bonds: নিৰ্বাচনী বণ্ডৰ ওপৰত বিৰোধী দলসমূহে মিছা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনী বণ্ডৰ উদ্দেশ্য নিৰ্বাচনত ক’লা ধন ৰোধ কৰা ৷ কিন্তু বিৰোধীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ পৰা হাত সাৰিব বিচাৰিছে ।

PM MODI ON ELECTORAL BONDS
নিৰ্বাচনী বণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 11:00 PM IST

নিউজ ডেস্ক, ১৫ এপ্ৰিল: সোমবাৰে নিৰ্বাচনী বণ্ড আঁচনি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিকৈ মত প্ৰকাশ কৰে । সংবাদ সংস্থা ANIক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনী বণ্ড অন্ত পৰিলে নিৰ্বাচনত ‘ক’লা ধন’ৰ ব্যৱহাৰ বৃদ্ধি পাব । নিৰ্বাচনী বণ্ড অন্ত পেলোৱাৰ সিদ্ধান্তত এদিন সকলোৱে অনুশোচনা কৰিব বুলিও তেওঁ কয় । উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক বুলি অভিহিত কৰি নিষেধাজ্ঞা আৰোপ কৰিছিল ।

নিৰ্বাচনী বণ্ড ওপৰত বিৰোধী দলসমূহে মিছা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনী বণ্ডৰ উদ্দেশ্য নিৰ্বাচনত ক’লা ধন ৰোধ কৰা, কিন্তু বিৰোধীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ পৰা হাত সাৰিব বিচাৰিছে । তদন্তকাৰী সংস্থাৰ ব্যৱস্থা গ্ৰহণৰ অন্তত ১৬টা কোম্পানীয়ে আগবঢ়োৱা চান্দাৰ ভিতৰত মাত্ৰ ৩৭ শতাংশ ধন বিজেপিলৈ আহে আৰু ৬৩ শতাংশ বিজেপিৰ বিৰোধী দললৈ যায় বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নিৰ্বাচনত দেশক ক’লা ধনৰ দিশত ঠেলি দিয়া হৈছে আৰু সকলোৱে অনুশোচনা কৰিব । তেওঁ কয় যে নিৰ্বাচনী বণ্ডক সফলতাৰ কাহিনী হিচাপেও চাব লাগে কিয়নো ইয়াৰ জৰিয়তে দলসমূহলৈ কোনে ৰাজনৈতিক অৱদান আগবঢ়াইছে সেয়া দেখুৱাব পৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিৰ্বাচনী বণ্ড সংশোধনৰ বহু পৰিসৰ আছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে ক’লা ধনৰ জৰিয়তে নিৰ্বাচনত বিপজ্জনক খেল চলি আছে বুলি আমাৰ দেশত বহুদিনৰ পৰাই চৰ্চা চলি আহিছে । নিৰ্বাচনত ক’লা ধনৰ ব্যৱহাৰৰ অন্ত পেলোৱা বিষয়টোও দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে । নিৰ্বাচনত টকা খৰচ হয়, এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে । বিজেপিয়েও নিৰ্বাচনত টকা খৰচ কৰে, সকলো দল- প্ৰাৰ্থীয়ে খৰচ কৰে আৰু ৰাইজৰ পৰা টকা ল’ব লগা হয় । মই বিচাৰিছিলো আমি কিছু প্ৰচেষ্টা চলাওঁ, আমাৰ নিৰ্বাচন এই ক’লা ধনৰ পৰা কেনেকৈ মুক্ত হ’ব লাগে, স্বচ্ছতা থাকিবনে? মোৰ মনত এটা স্পষ্ট ধাৰণা আছিল । আমি এটা চমু পথ বিচাৰি আছিলো, আমি কেতিয়াও দাবী কৰা নাছিলো যে সেইটোৱেই সঠিক পথ ।

তেওঁ কয় যে যেতিয়া নিৰ্বাচনী বণ্ড সৈতে জড়িত বিধেয়কখন গৃহীত হৈছিল তেতিয়া সংসদত বিতৰ্ক হৈছিল । এতিয়া এই সন্দৰ্ভত মন্তব্য কৰা একাংশ লোকে ইয়াক সমৰ্থন কৰিছিল । তেওঁ ক’লা ধনৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ১০০০ আৰু ২০০০ টকীয়া নোট বিমুদ্ৰাকৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনৰ সময়ত এই নোটসমূহ বৃহৎ পৰিমাণে ব্যৱহাৰ কৰা হৈছিল । আমি এই পদক্ষেপ লৈছিলো যাতে ক’লা ধন নাইকিয়া হয় । প্রধানমন্ত্রীয়ে কয় যে পূর্বে ৰাজনৈতিক দলসমূহক নগদ ধনৰ অনুদান ২০ হাজাৰ টকা পৰ্যন্ত অনুমতি দিয়া হৈছিল যদিও এই নগদ ধনৰ ব্যৱসায় অব্যাহত থকাটো তেওঁ নিবিচৰাৰ বাবে তেওঁ ২৫০০ টকালৈ হ্ৰাস কৰিছিল ৷

লগতে পঢ়ক:স্থানচ্যুত হোৱা মণিপুৰৰ ১৮ হাজাৰ লোকক ভোটদানৰ সুবিধা প্ৰদানৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details