অসম

assam

ETV Bharat / bharat

ছত্তীশগড়ত সেনাৰ এনকাউণ্টাৰত নিহত নক্সালবাদী - Naxalite encounter in Chhattisgarh - NAXALITE ENCOUNTER IN CHHATTISGARH

Encounter in Sukma : ছত্তীশগড়ৰ সুকমা জিলাত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত শুকুৰবাৰে গভীৰ নিশা এক সংঘৰ্ষৰ সৃষ্টি হয় । আৰক্ষীয়ে জনোৱা মতে, এনকাউণ্টাৰত এটা নক্সালবাদী নিহত হয় । অৰণ্যৰ মাজত নক্সালবাদীৰ সন্ধানত অভিযান চলি আছে ।

Encounter in Sukma
ডিআৰজি জোৱানৰ এনকাউণ্টাৰত ছত্তীশগড়ত নিহত নক্সালবাদী (ETV Bharat Chhattisgarh)

By ETV Bharat Assamese Team

Published : May 18, 2024, 12:54 PM IST

নিউজ ডেস্ক, ১৮ মে' : ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত শুকুৰবাৰে গভীৰ নিশা নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । টেট্ৰাই টলনাইৰ অৰণ্যত ডিআৰজি জোৱান আৰু নক্সালবাদীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় । আনহাতে, এনকাউণ্টাৰত ডিআৰজিৰ (জিলা ৰিজাৰ্ভ গাৰ্ড) জোৱানে এটা নক্সালবাদীক হত্যা কৰে ।

ইফালে সেনা জোৱানসকলৰ আক্ৰমণত গভীৰ অৰণ্যৰ সুযোগ লৈ নক্সালবাদীসকলে পলাই যায় । এনকাউণ্টাৰৰ পাচত অৰণ্যৰ ভিতৰত এক বৃহৎ অনুসন্ধান অভিযান চলোৱা হৈছে । সুকমাৰ এছ পি কিৰণ চৱনে এই এনকাউণ্টাৰৰ ঘটনা নিশ্চিত কৰিছে ।

উল্লেখ্য যে, বিগত কিছু দিন ধৰি ছত্তীশগড়ত নক্সালবাদীৰ বিৰুদ্ধে সেনাৰ অভিযান তীব্ৰ গতিত চলি আছে । শুকুৰবাৰে নিৰাপত্তাৰক্ষীয়ে গৰিয়াবান্দৰ কোডোমালি, ইচৰাডি, গৰিবা আৰু চাহবিনকছাৰ গাঁৱৰ অৰণ্যত নক্সালবাদীৰ গুৰুত্বপূৰ্ণ শিবিৰ ধ্বংস কৰে । আনহাতে, নিৰাপত্তাৰক্ষীয়ে গৰিয়াবান্দৰ বনাঞ্চল আৰু ওড়িশাৰ সীমান্তৱৰ্তী চোভা আৰক্ষী থানা অঞ্চলৰ অৰণ্যৰ পৰা তিনিটা আইইডি উদ্ধাৰ কৰে ।

ইয়াৰ পূৰ্বে মঙলবাৰে নক্সাল প্ৰভাৱিত আবুঝমাদৰ মোহান্দি গাঁৱত নিৰাপত্তা বাহিনীৰ এটা নতুন শিবিৰ মুকলি কৰা হয় । এই নতুন শিবিৰটো মুকলি হোৱাৰ লগে লগে এফালে নক্সালবিৰোধী অভিযান ত্বৰান্বিত হ'ব, আনফালে শিবিৰৰ চাৰিওফালে থকা ৫ কিলোমিটাৰ এলেকাত গাঁৱৰ লোকসকলে পথ, পানী, বিদ্যুৎ, বিদ্যালয়, চিকিৎসালয়ৰ দৰে প্ৰাথমিক সুবিধা লাভ কৰিব ।

মোহান্দি গাঁওখন অৰ্ছা খণ্ড, কোহকামেটা তহচিল আৰু কোহকামেটা আৰক্ষী থানাৰ অধীনত অৱস্থিত । মোহান্দি গাঁৱত এটা নতুন শিবিৰ নিৰ্মাণৰ লগে লগে গাঁওবাসীৰ মাজত নিৰাপত্তা আৰু উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক :

নিৰ্বাচনকেন্দ্ৰিক হিংসা: দুৰ্বৃত্তই গুলীয়ালে তৃণমূল কংগ্ৰেছৰ নেতাক - TMC Leader Shot

দাওদাওকৈ জ্বলিল চলন্ত বাছ; জীৱন্তে অগ্নিদগ্ধ ৮ ব্যক্তি - Haryana Bus Tragedy

ABOUT THE AUTHOR

...view details