শ্ৰীনগৰ :জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ । শনিবাৰে পুৱাই শ্ৰীনগৰৰ খানিয়াৰ এলেকাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় ।
এগৰাকী আৰক্ষী বিষয়াৰ মতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে । সেই তালাচীৰ মাজতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় । আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ যুটীয়া দলে এই অভিযান চলায় ।
যুটীয়া অভিযানকাৰী দলটো অঞ্চলটোত উপস্থিত হোৱাৰ পিছতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে গুলীচালনা আৰম্ভ কৰে । স্থানীয় তথ্য অনুসৰি অঞ্চলটোত গুলীবৰ্ষণ চলি আছে । ইফালে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ।
বান্দিপোৰাত তালাচী অভিযান
শ্ৰীনগৰ এনকাউণ্টাৰৰ সমান্তৰালকৈ উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক সংঘৰ্ষৰ তথ্য পোহৰলৈ আহিছে । এক্সৰ এটা পোষ্টত ভাৰতীয় সেনাই শনিবাৰে কয় যে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে আৰু জংঘলৰ দিশে পলায়ন কৰে ।