অসম

assam

ETV Bharat / bharat

মুম্বাই বিমানবন্দৰত যাত্ৰীৰ মৃত্যু; এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী ডিজিচিএৰ - DGCA Notice To Air India

Show Cause Notice to Air India : বিমান নিয়ন্ত্ৰক সংস্থা ডিজিচিএয়ে এগৰাকী ৮০ বছৰীয়া যাত্ৰীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । ব্যক্তিগৰাকীয়ে বিমানৰ পৰা মুম্বাই বিমানবন্দৰৰ টাৰ্মিনেললৈ খোজকাঢ়ি যোৱাৰ সময়তে বাগৰি পৰি মৃত্যুবৰণ কৰে । তেওঁ বিমানবন্দৰত হুইলচেয়াৰ নোপোৱাৰ বাবেই এই শোকাৱহ ঘটনাটো ঘটাৰ অভিযোগ উঠিছে ।

এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী ডিজিচিএৰ
এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী ডিজিচিএৰ

By PTI

Published : Feb 17, 2024, 10:14 AM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী :অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) শুকুৰবাৰে এয়াৰ ইণ্ডিয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । হুইলচেয়াৰ সেৱাৰ পোৱাত পলম হোৱাৰ ফলত মুম্বাই বিমানবন্দৰত এগৰাকী ৮০ বছৰীয়া যাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । ডিজিচিএয়ে বিমান সংস্থাটোক ঘটনাটোৰ ওপৰত এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ।

টাটাৰ দ্বাৰা পৰিচালিত এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী সোমবাৰে সংঘটিত এটা ঘটনাৰ পিছতে আহিছে । সোমবাৰে ৮০ বছৰীয়া বৃদ্ধগৰাকী তেওঁৰ পত্নীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমানত নিউয়ৰ্কৰ পৰা আহিছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমেৰিকাৰ পাছপোৰ্ট থকা ভাৰতীয় মূলৰ বৃদ্ধ ব্যক্তিগৰাকীক এয়াৰ ইণ্ডিয়াৰ টিকট লোৱাৰ সময়ত নিজৰ লগতে তেওঁৰ পত্নীৰ বাবে হুইলচেয়াৰ সুবিধাৰ বাবে পূৰ্বতেই বুক কৰিছিল বুলি জানিব পৰা গৈছে । অৱশ্যে হুইলচেয়াৰৰ অভাৱৰ বাবে দম্পতীটোক বিমান সংস্থাটোৱে কেৱল এখন হুইলচেয়াৰৰহে সেৱা আগবঢ়াইছিল ।

খবৰ অনুসৰি, ব্যক্তিগৰাকীৰ পত্নী হুইলচেয়াৰত বহি থকাৰ সময়ত তেওঁ খোজকাঢ়ি যোৱাৰ সিদ্ধান্ত লয় । প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে যে ব্যক্তিগৰাকীয়ে এক কিলোমিটাৰৰো অধিক পথ খোজকাঢ়িছিল আৰু তেনে সময়তে হৃদৰোগত আক্ৰান্ত হৈ মাজপথতে মৃত্যুবৰণ কৰে । "সেই অনুসৰি, এয়াৰ ইণ্ডিয়াক বিমান নিয়ম, ১৯৩৭ উলংঘা কৰি উক্ত চিএআৰৰ ব্যৱস্থাসমূহ পালন নকৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে আৰু জাননী জাৰি কৰাৰ সাত দিনৰ ভিতৰত ডিজিচিএক উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছে ।" ডিজিচিএয়ে এক বিবৃতিত কয় ।

তদুপৰি, যিসকলক বিমানত উঠা বা নামি অহাৰ সময়ত সহায়ৰ প্ৰয়োজন হয়, সেইসকল যাত্ৰীৰ বাবে পৰ্যাপ্ত সংখ্যক হুইলচেয়াৰ উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ সকলো এয়াৰলাইনছক এক পৰামৰ্শও জাৰি কৰা হৈছে ।

লগতে পঢ়ক :বিমানবন্দৰ কৰ্তৃপক্ষৰ অৱহেলা, হুইলচেয়াৰৰ অভাৱৰ বাবে এজন বৃদ্ধৰ মৃত্যু !

ABOUT THE AUTHOR

...view details