অসম

assam

ETV Bharat / bharat

আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব দেৱেন্দ্ৰ ফাড়নাভিছে: সাক্ষী হ'ব প্ৰধানমন্ত্ৰীও - DEVENDRA FADNAVIS OATH TAKING

বহু জল্পনা-কল্পনাৰ অন্তত দেৱেন্দ্ৰ ফাড়নাভিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

Devendra Fadnavis Oath Ceremony
মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাভিছে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 11:54 AM IST

মুম্বাই :তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাভিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বহু বিশিষ্ট নেতা এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিজয় ৰুপানি আৰু নিৰ্মলা সীতাৰমণে বুধবাৰে দেৱেন্দ্ৰ ফাড়নাভিছৰ নাম বিধায়িনী গোটৰ নেতা আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । ফলস্বৰূপে মহাযুটি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাভিছে আজি শপত ল'ব । সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

একনাথ সিন্দেই কি কৰিব ?

শপতগ্ৰহণ অনুষ্ঠানটোৰ প্ৰস্তুতি তীব্ৰগতিত চলি আছে । আনহাতে, একনাথ সিন্দেই চৰকাৰত যোগদান কৰিবনে নকৰে তাক লৈ এতিয়াও কৌতূহল আছে । একনাথ সিন্দে উপ-মুখ্যমন্ত্ৰী হ'ব নে নহয় সেই সন্দৰ্ভত তেওঁ এতিয়ালৈকে কোনো দৃঢ় মতামত প্ৰকাশ কৰা নাই । সেয়েহে ৰাইজৰ দৃষ্টি এতিয়াও একনাথ সিন্দেৰ ভূমিকাৰ ওপৰত আছে ।

মুম্বাইত কটকটীয়া নিৰাপত্তা

মহাৰাষ্ট্ৰ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানক লৈ মুম্বাই চহৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ৪ হাজাৰৰো অধিক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।

মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ শপতগ্ৰহণ অনুষ্ঠান সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৫ গৰাকী অতিৰিক্ত আৰক্ষী আয়ুক্ত, ১৫ গৰাকী উপ-আৰক্ষী আয়ুক্ত, ২৯ গৰাকী সহকাৰী আৰক্ষী আয়ুক্ত আৰু ৩৫০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে । লগতে কৰ্মত নিয়োজিত থাকিব ৫২০ গৰাকী আৰক্ষী বিষয়া । ইয়াৰ উপৰিও, মুম্বাই আৰক্ষী বাহিনীৰ এগৰাকী অতিৰিক্ত আৰক্ষী আয়ুক্ত, ৩ গৰাকী আৰক্ষী উপ-আয়ুক্ত, ৩০ গৰাকী আৰক্ষী বিষয়া আৰু ২৫০ গৰাকী আৰক্ষী কৰ্মীয়ে এই অনুষ্ঠানৰ বাবে অহা ভি আই পি আৰু সাধাৰণ নাগৰিকৰ যান-বাহন নিয়ন্ত্ৰণ কৰিব আৰু যান-জঁট পৰিহাৰ কৰিবলৈ চেষ্টা চলাব । ইয়াৰ উপৰিও, ৰাজ্যিক ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (এছ আৰ পি এফ) প্লাটুন, কুইক ৰেচপন্স টীম (কিউ আৰ টি), ৰাইট কণ্ট্ৰোল দল, ডেল্টা, কমবেট, বি ডি ডি এছ দল গুৰুত্বপূৰ্ণ স্থানত মোতায়েন কৰা হৈছে ।

শপতগ্ৰহণ অনুষ্ঠানৰ বাবে অহা নাগৰিক আৰু আন লোকসকলক আৰক্ষীয়ে দিয়া নিৰ্দেশনা অনুসৰণ কৰিবলৈ আৰু আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে । মুম্বাই আৰক্ষীয়ে ৰাইজক কোনো অবাঞ্ছিত সামগ্ৰী পোৱা গ'লে তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰিবলৈ আৰু প্ৰয়োজনৰ ক্ষেত্ৰত তাৎক্ষণিক আৰক্ষী সহায়ৰ বাবে আৰক্ষী হেল্পলাইন ১০০, ১১২ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ মহা নাটকৰ যৱনিকা: দেৱেন্দ্ৰ ফাড়নভিছেই পৰৱৰ্তী মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details