অসম

assam

ETV Bharat / bharat

'আত্মনিৰ্ভৰতা’ সত্বেও ভাৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকৰ্তা - India Russia defence treaty

Indian Defence Import : শেহতীয়া প্ৰতিবেদনত দেখুওৱা হৈছে যে প্ৰতিৰক্ষা খণ্ডত 'আত্মনিৰ্ভৰতা'ৰ ক্ষেত্ৰত মোদী চৰকাৰে দ্ৰুতগতি লাভ কৰা সত্ত্বেও ভাৰত এতিয়াও বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকৰ্তা হৈ আছে ।

আত্মনিৰ্ভৰতা' সত্ত্বেও ভাৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকৰ্তা
'আত্মনিৰ্ভৰ' সত্ত্বেও ভাৰত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকৰ্তা

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:00 AM IST

Updated : Mar 12, 2024, 10:15 AM IST

নিউজ ডেস্ক, ১২ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে বিগত কেইবছৰমানত সামৰিক সঁজুলি স্বদেশীকৰণৰ বাবে কৰা আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টাত দ্ৰুতগতি লাভ লাভ কৰা সত্বেও ভাৰত বিশ্বৰ শীৰ্ষ অস্ত্ৰ আমদানিকৰ্তা হৈ আছে । সোমবাৰে প্ৰকাশিত ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (এছআইপিআৰআই) শেহতীয়া প্ৰতিবেদনত এই কথা কোৱা হৈছে ।

ছুইডিচ থিংক টেংক এছআইপিআৰআইৰ মতে, "ভাৰতৰ ২০১৪-১৮ বৰ্ষৰ পৰা ২০১৯-২৩ বৰ্ষৰ ভিতৰত অস্ত্ৰ আমদানি ৪.৭ শতাংশ বৃদ্ধি পাইছে । ৰাছিয়া ভাৰতৰ মুখ্য অস্ত্ৰ সৰবৰাহকাৰী হৈ আছে (দেশখনৰ অস্ত্ৰ আমদানিৰ 36 শতাংশ) । অৱশ্যে 1960-64 চনৰ পিচত এইটো হৈছে প্ৰথম পাঁচ বছৰৰ ম্যাদ ৷ য'ত ৰাছিয়াৰ (বা 1991 চনৰ পূৰ্বে ছোভিয়েট ইউনিয়ন) পৰা ভাৰতলৈ অস্ত্ৰ আমদানি আধাতকৈও কম হৈছে ।"

এই প্ৰতিবেদনত চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত ভাৰতে সন্মুখীন হোৱা দুটা মুখামুখী যুদ্ধৰ সম্ভাৱনাৰ প্ৰত্যাহ্বানৰ ওপৰত আলোকপাত কৰা হৈছে । একেদৰে এছআইপিআৰআই প্ৰতিবেদনৰ দ্বাৰা আলোকপাত কৰা আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে ৰাছিয়াই ভাৰতৰ ক্ৰয়ৰ 36 শতাংশ নিৰ্মাণ কৰিছে এই পাঁচ বছৰৰ সময়ছোৱাত ৷ যিটো 1960-64 চনৰ পিচত প্ৰথম পাঁচ বছৰ, য'ত ভাৰতৰ অস্ত্ৰ আমদানি আধাতকৈও কম আছিল ।

ইয়াৰ উপৰি ৰাছিয়া (যিয়ে ফেব্ৰুৱাৰী, 2022 চনত ইউক্ৰেইন আক্ৰমণ কৰিছিল আৰু ছোভিয়েট ইউনিয়নৰ বিচ্ছেদৰ পিছত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে) ভাৰতৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ এক শীৰ্ষ উৎস হৈ আছে ।

উল্লেখ্য যে বিগত বছৰ অক্টোবৰত চিডিএছ অনিল চৌহানে কৈছিল, "এক বৃহৎ পাৰমাণৱিক শক্তি হোৱা সত্ত্বেও ৰাছিয়াৰ ভূ-ৰাজনৈতিক গুৰুত্ব অনাগত সময়ত হ্ৰাস পাব । আমি অনাগত সময়ত অধিক দৃঢ় চীন প্ৰত্যক্ষ কৰিম ।"

শেহতীয়া প্ৰতিবেদনখনে ভাৰতে ৰাছিয়াৰ অস্ত্ৰৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাৰ পৰা আঁতৰি যাবলৈ লোৱা প্ৰচেষ্টাৰ ইংগিত দিয়ে ৷ যিহেতু দেশখন ইউক্ৰেইনৰ সৈতে যুদ্ধত নিয়োজিত হৈ আছে ।

লগতে পঢ়ক :ভাৰতীয় মূলৰ মৰিচিয়ানৰ বাবে ভাৰতৰ অ'চিআই কাৰ্ডত অনুমোদন; ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

Last Updated : Mar 12, 2024, 10:15 AM IST

ABOUT THE AUTHOR

...view details