অসম

assam

ETV Bharat / bharat

ঘন কুঁৱলীয়ে ছানি ধৰিছে উত্তৰ ভাৰত;বিমান চলাচল ব্যাহত - DELHI FOG IMPACTS

উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে বিমান চলাচল ব্যাহত হৈ পৰিছে । তাপমাত্ৰা পুনৰ হ্ৰাস পাইছে ।

Dense Fog Hits Flight Operations At Delhi Airport
ঘন কুঁৱলীয়ে ছানি ধৰিছে উত্তৰ ভাৰত (ANI)

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 10:17 AM IST

নতুন দিল্লী :নতুন বছৰৰ দ্বিতীয় দিনাও উত্তৰ ভাৰতত ঘন কুঁৱলীৰ প্ৰভাৱ অব্য়াহত আছে । কুঁৱলীৰ ডাঠ আচ্ছাদনে ছানি ধৰিছে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য । যাৰ ফলত তাপমাত্ৰা হ্ৰাস পাইছে । যোগাযোগ ব্যৱস্থাটো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । বিশেষকৈ বিমান চলাচল ব্যাহত হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শনিবাৰে পুৱা ৫.৩০ বজাত দিল্লীত তাপমাত্ৰা ১০.২ ডিগ্ৰী ছেলচিয়াছ আছিল । অৱশ্যে শুকুৰবাৰে একেটা সময়তে তাপমাত্ৰা ৯.৬ ডিগ্ৰী ছেলচিয়াছ আছিল ।

  • শীতৰ প্ৰকোপ

প্ৰচণ্ড শীতৰ বাবে ৰাজধানীৰ নাগৰিকসকলে জুইৰ উত্তাপ লৈছে । নিশা ৰাজপথত বাহনৰ চলাচলো সীমিত হৈছে । উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত শনিবাৰে পুৱা কুঁৱলী আৰু শীত প্ৰৱাহৰ দ্বাৰা প্ৰভাৱিত হৈছে । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত শনিবাৰে পুৱা ৫.৩০ বজাত তাপমাত্ৰা ১১.৪ ডিগ্ৰী ছেলচিয়াছ আছিল । ৰাজ্যখনৰ মৈনপুৰী চহৰখন কুঁৱলীৰ ঘন আচ্ছাদনত থকা দেখা গৈছে ।

ইফালে, ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ প্ৰদূষণো উদ্বেগজনক স্থিতিত আছে । বায়ুৰ সূচাংক 'অতি দুৰ্বল' শ্ৰেণীত আছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ মতে পুৱা ৬ বজাত দিল্লীত একিউআই ৩৮৫ দেখা গৈছিল ।

  • বিমান চলাচল ব্যাহত

ঘন কুঁৱলীৰ বাবে শনিবাৰে পুৱা দিল্লী বিমানবন্দৰত বিমান পৰিচালনা প্ৰভাৱিত হৈছে আৰু ইণ্ডিগ'য়ে অস্থায়ীভাৱে বিমানৰ অৱতৰণ আৰু উৰণ স্থগিত ৰাখিছে । দিল্লী ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেডে (ডিআইএএল) পুৱা ৬:৫৫ বজাত এক্সত এটা পোষ্টত কৈছে যে ঘন কুঁৱলীৰ বাবে, CAT III অনুসৰণ নকৰা বিমানৰ পৰিচালনা প্ৰভাৱিত হয় । যাত্ৰীসকলক বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

ইণ্ডিগ'ৱে জনোৱা মতে দৃশ্যমানতা হ্ৰাস হোৱাৰ বাবে বিমানৰ অৱতৰণ আৰু উৰণ অস্থায়ীভাৱে স্থগিত ৰখা হৈছে । বিমানৰ পৰিচালনা পুনৰ আৰম্ভ হ'লেও বিমানবোৰ বিলম্ব হ'ব পাৰে বুলি প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে ।

লগতে পঢ়ক :মণিপুৰ আকৌ জ্বলিল: ক্ষুব্ধ জনতা-আৰক্ষীৰ সংঘৰ্ষ, আহত আৰক্ষী অধীক্ষক - MANIPUR VIOLENCE

ABOUT THE AUTHOR

...view details