নেশ্যনেল ডেস্ক, ২২ মাৰ্চ :দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ইফালে আপৰ নেতা-কৰ্মীসকলে প্ৰতিবাদেৰে দিল্লীৰ ৰাজপথ কঁপাই তুলিছে । কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেনে এক প্ৰতিবাদৰ মাজতে শুকুৰবাৰে দিল্লীৰ কেবিনেট মন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু আতিশীকে ধৰি কেইবাগৰাকী দলৰ শীৰ্ষ আপ নেতাক আৰক্ষীয়ে আটক কৰে ।
কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে আম আদমি পাৰ্টীৰ নেতা আৰু সমৰ্থকসকলে আপ আৰু বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ আইটিঅ'ত প্ৰতিবাদ আৰম্ভ কৰিছে । অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও প্ৰতিবাদকাৰীসকলে বলপূৰ্বকভাৱে তাত প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা কৰে ।