নেশ্যনেল ডেস্ক, ১০ মে’ :দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাৰ জামিন আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে ইডি আৰু চিবিআইক জাননী জাৰি কৰিছে । ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিচাৰপীঠে ইডিক ২৪ মে’ ৰ ভিতৰত ইয়াৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
এতিয়া ২৪ মে’ত শুনানি হ’ব এই গোচৰৰ । দৰাচলতে নিম্ন আদালতৰ পৰা জামিন লাভ নকৰাত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বি আৰ এছৰ নেতাগৰাকীয়ে । তেওঁ কৈছিল যে, বিচাৰ আদালতৰ (trial court) নিৰ্দেশ বৈধ নহয় ৷
আবেদনত কে কবিতাই উল্লেখ কৰে যে, তেওঁ দুটা সন্তানৰ মাতৃ ৷ ইয়াৰে এটি সন্তান নাবালক ৷ কবিতাৰ গ্ৰেপ্তাৰৰ পাচতে এটি শিশু মানসিকভাৱে ভাগি পৰে আৰু বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে এই শিশুটি ।
উল্লেখ্য যে, কবিতাক ১১ এপ্ৰিলত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল । চিবিআইৰ মতে, দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত কে কবিতাও জড়িত আছিল । সেয়ে ইডিয়ে ১৫ মাৰ্চত হায়দৰাবাদৰ বাঞ্জাৰা হিলছৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কে কবিতাক ।