নতুন দিল্লী:আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতলৈ এখন পত্ৰ লিখি বিজেপিৰ কাৰ্যকলাপ সম্পৰ্কীয় কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ ভিতৰত গেৰুৱা দলটোৱে 'গণতন্ত্ৰ দুৰ্বল কৰি তুলিছে' বুলি আৰ এছ এছে ভাবে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে কেজৰিৱালে ।
পত্ৰখনত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ আচৰণ আৰু গণতন্ত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় বিভিন্ন বিষয়ত স্পষ্টীকৰণ বিচাৰিছে । তেওঁ আৰ এছ এছে অতীতত বিজেপিৰ 'অন্যায়'ক সমৰ্থন কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । তেওঁ বিজেপি নেতাসকলে মুকলিকৈ ধন বিতৰণ কৰাৰ প্ৰথা আৰু আৰ এছ এছে ভোট ক্ৰয়ত বিজেপিক সমৰ্থন কৰে নেকি বুলিও প্ৰশ্ন কৰে । ইয়াৰ উপৰি কেজৰিৱালে দলিত আৰু পূৰ্বাঞ্চলী ভোটৰ বৃহৎ পৰিমাণৰ কৰ্তনৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি আৰ এছ এছে এইটো গণতন্ত্ৰৰ বাবে সঠিক বুলি বিশ্বাস কৰে নেকি বুলিও সোধে ।
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পত্ৰত লিখিছে "অতীতত বিজেপিয়ে যি ভুল কৰিছে, আৰ এছ এছে ইয়াক সমৰ্থন কৰে নেকি ? বিজেপি নেতাসকলে মুকলিকৈ ধন বিতৰণ কৰি আছে । আৰ এছ এছে ভোট ক্ৰয় কৰাটো সমৰ্থন কৰে নেকি ? দলিত আৰু পূৰ্বাঞ্চলী ভোট বৃহৎ পৰিমাণত কৰ্তন কৰা হৈছে । আৰ এছ এছে এইটো গণতন্ত্ৰৰ বাবে সঠিক বুলি ভাবে নেকি ? আৰ এছ এছে নাভাবে নেকি যে বিজেপিয়ে গণতন্ত্ৰক দুৰ্বল কৰি তুলিছে ?"
ইয়াৰ পূৰ্বে সোমবাৰে আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে বিজেপিৰ বিৰুদ্ধে দিল্লীত বিশেষকৈ ছাহদাৰা সমষ্টিত ভোটাৰসকলক প্ৰলোভিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ দাবী কৰে যে বিজেপি নেতা বিশাল ভৰদ্বাজে ভোটাৰ বিলোপৰ বাবে আবেদন দাখিল কৰিছিল । কক্কৰে কয়," বিজেপিয়ে দিল্লীত বাস কৰা বহুতো পূৰ্বাঞ্চলীৰ ভোট হ্ৰাস কৰিব বিচাৰে । বিজেপিৰ বিশাল ভৰদ্বাজে ছাহদাৰা সমষ্টিত ভোটাৰৰ নাম বিলোপ কৰাৰ বাবে আবেদন কৰিছিল । যেতিয়া আমি ইয়াৰ বিৰুদ্ধে মাত মাতিছিলো তেতিয়া তেওঁ ইয়াক বন্ধ কৰিছিল ।"