অসম

assam

ETV Bharat / bharat

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ: ৭০ খন আসনৰ বাবে চলিছে ভোটযুদ্ধ - DELHI ASSEMBLY ELECTION 2025

দিল্লীত ১,৫৬,১৪,০০০ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । পুৱাই ভোট দিলে ৰাষ্ট্ৰপতি, কেজৰিৱাল, ৰাহুল গান্ধীয়ে ৷

Delhi Assembly Election
দিল্লী বিধানসভা নিৰ্বাচন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 7:14 AM IST

নতুন দিল্লী: কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে বুধবাৰে পুৱা ৭ বজাত দিল্লীত আৰম্ভ হৈছে ভোটগ্ৰহণ । ৭০ খন আসনৰ বাবে একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে ভোটগ্ৰহণ আৰম্ভ হৈছে । ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পিছতেই বিভিন্ন ভোটকেন্দ্ৰত দেখা গ'ল বহু ৰথী-মহাৰথীক । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ড৹ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ত আজি পুৱাই ভোটদান কৰে ।

কোনৰথী-মহাৰথীয়ে ক'তসাব্য়স্ত কৰিলে ভোটাধিকাৰ :

লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দিল্লী বিধানসভা নিৰ্বাচনত আজি পুৱাই ভোটদান কৰে । আনহাতে, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা জংপুৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মনীষ চিছোদিয়াই সপত্নীক নতুন দিল্লী বিধানসভা সমষ্টিৰ লেডী আৰউইন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে । বিজেপি প্ৰাৰ্থী অৰবিন্দৰ সিং লাভলীয়ে গান্ধীনগৰ বিধানসভা সমষ্টিত সাব্য়স্ত কৰে ভোটাধিকাৰ । নিৰ্বাচন আয়ুক্ত সুকবীৰ সিং সান্ধুৱেও ভোটদান কৰিছে । দিল্লী বিধানসভা নিৰ্বাচনত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীয়ে পুৱাই ভোটাধিকাৰ সাব্য়স্ত কৰে ।

কাৰ হাতত থাকিব দিল্লীৰ বাঘজৰী ! (ETV Bharat)

ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক ভোট দিবলৈ আহ্বান জনাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Xত পোষ্ট কৰি কয়, "দিল্লী বিধানসভা নিৰ্বাচনৰ সকলো আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মই ইয়াত থকা ভোটাৰসকলক সম্পূৰ্ণ উৎসাহেৰে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ আৰু তেওঁলোকে তেওঁলোকৰ মূল্যৱান ভোট দান কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছো । এই উপলক্ষে প্ৰথমবাৰৰ বাবে ভোটদান কৰা সকলো যুৱ বন্ধুবৰ্গলৈ মোৰ বিশেষ শুভেচ্ছা । মনত ৰাখিব-প্ৰথমে ভোট দিয়ক, তাৰ পিছত সতেজতা ।"

উল্লেখ্য যে এই নিৰ্বাচনত মুঠ ১,৫৬,১৪,০০০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । তেওঁলোকে ৭০ খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, দিল্লীত ৮৩,৭৬,১৭৩ জন পুৰুষ ভোটাৰ, ৭২,৩৬,৫৬০ গৰাকী মহিলা আৰু ১,২৬৭ জন তৃতীয় লিংগৰ ভোটাৰ আছে । এইবাৰ, লিংগ অনুপাত ৮৬৪ আৰু ই পি অনুপাত (নিৰ্বাচক আৰু জনসংখ্যা অনুপাত) ৭১.৮৬ হিচাপে নথিভুক্ত কৰা হৈছে ।

যুৱ ভোটাৰ:

এইবাৰ দিল্লীৰ ভোটাৰ তালিকাত যুৱ আৰু জ্যেষ্ঠ নাগৰিকৰ সংখ্য়া মন কৰিবলগীয়া । প্ৰায় ২,৩৯,৯০৫ জন যুৱ ভোটাৰে (১৮-১৯ বছৰ) প্ৰথমবাৰৰ বাবে ভোটদান কৰিব । একে সময়তে গণতন্ত্ৰৰ এই মহান উৎসৱত ৮৫ বছৰৰ অধিক বয়সৰ ১,০৯,৩৬৮ জন জ্যেষ্ঠ নাগৰিক আৰু ১০০ বছৰৰ অধিক বয়সৰ ৭৮৩ জন ভোটাৰেও অংশগ্ৰহণ কৰিব । তদুপৰি ৭৯,৮৮৫ জন দিব্যাংগ ভোটাৰ আৰু ১২,৭৩৬ জন সেৱা ভোটাৰকো তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে ।

১৩,৭৬৬ টা ভোটকেন্দ্ৰ:

এইবাৰ ৰাজ্যখনত মুঠ ১৩,৭৬৬ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । সমগ্ৰ দিল্লীত স্থাপন কৰা হৈছে ২,৬৯৬ টা ভোটকেন্দ্ৰ । ভোটাৰসকলে ভোটদানৰ সময়ত ভিৰৰ স্তৰ পৰীক্ষা কৰিবলৈ এটা কিউ মেনেজমেণ্ট চিষ্টেম (কিউ এম এছ) এপ আৰম্ভ কৰা হৈছে ।

সংবেদনশীল হিচাপে প্ৰায় ৩,০০০ টা ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছে । নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ৩৫,৬২৬ জন দিল্লী আৰক্ষী আৰু ১৯,০০০ গৰাকী গৃহৰক্ষী জোৱানৰ সৈতে অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ২২০ টা কোম্পানী মোতায়েন কৰা হৈছে । ইতিমধ্যে গৃহ ভোটদান সুবিধাৰ অধীনত ৭,৫৫৩ জন যোগ্য ভোটাৰৰ ভিতৰত ৬,৯৮০ জনে ভোটদান কৰিছে ।

ভোটগণনা:

ভোটগণনা অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব । ৭০ খন আসনৰ ভিতৰত ১২ খন বিধানসভা আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । উল্লেখ্য় যে ২০২০ চনৰ নিৰ্বাচনত আপে মুঠ ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰিছিল ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ - CASE AGAINST DELHI CM

দেওবাৰে ৪ খনকৈ দিল্লী নিৰ্বাচনৰ প্ৰচাৰ সভা অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ - CM HIMANTA BISWA SARMA

ABOUT THE AUTHOR

...view details