অসম

assam

ETV Bharat / bharat

বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ুমণ্ডল; সাৱধান নহ’লে সন্মুখীন হ’ব পাৰে এই সমূহ সমস্যাৰ

Delhi air pollution: বায়ু প্ৰদূষণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে দেশৰ ৰাজধানী দিল্লীত ৷ ধূসৰ পৰিৱেশে চিন্তিত কৰিছে ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণক ৷

By ETV Bharat Assamese Team

Published : 11 hours ago

Delhi air pollution
বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ুমণ্ডল (ETV Bharat)

দিল্লী: পোহৰৰ উৎসৱ দিপাৱলীলৈ কেইটামান দিন বাকী থকা অৱস্থাত দিল্লীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷ বিষাক্ত ধোঁৱা আৰু কুঁৱলীয়ে আৱৰি ধৰিছে ৰাজধানী দিল্লীৰ বহুতো অঞ্চল ৷ আনন্দ বিহাৰ অঞ্চলত বায়ুৰ গুণগত মান (AQI) পুৱা 8.30 বজাত 454 হৈছেগৈ ৷ ইয়াক অতি বিপজ্জনক অৱস্থা বুলি গণ্য কৰা হয় ৷ দ্বাৰকা, ছেক্টৰ-8 আদিত পুৱা 8.30 বজাত AQI 311 লৈ অৱনমিত হৈছে, যিটো অতি দুৰ্বল বুলি কোৱা হৈছে ৷

ৰাষ্ট্ৰীয় ৰাজধানীৰ ITO ত পুৱা 8.30 বজাত AQI 232 ত উপনীত হয়, ইয়াক দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় ৷ একেদৰে জাহাংগীৰপুৰীত AQI 350, নেহৰুপাৰ্ক আৰু কাষৰীয়া অঞ্চলত AQI 254 লৈ অৱনমিত হৈছে ৷ ‘‘দিল্লীত বতৰ ঠাণ্ডা আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় ৰাজধানীখনত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে মানুহে মাস্ক পৰিধান কৰিবলগীয়া হৈছে ৷’’ দিল্লীৰ এগৰাকী বাসিন্দাই এইদৰে কয় ৷

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে AQI অতি বিপজ্জনক হিচাপে চিহ্নিত হোৱা ঘটনাই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ৷ ইতিমধ্যে যিসকল লোক ৰোগগ্ৰস্ত হৈ আছে তেওঁলোক অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ AQI দুৰ্বল হিচাপে চিহ্নিত হ’লে সৰহ সংখ্যক লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হয় ৷ একেদৰে AQI অতি দুৰ্বল হ’লেও দীৰ্ঘসময়লৈ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’ব পাৰে ৷

বিষাক্ত হৈ উঠিছে ৰাজধানী দিল্লীৰ বায়ুমণ্ডল (ETV Bharat)

প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে যোৱা কেবাদিনো ধৰি দিল্লীৰ কালিন্দী কুঞ্জ অঞ্চলত যমুনা নদীত ব্য়াপক মাত্ৰাত ফেন ভাঁহি উঠা দেখা গৈছে ৷

যোৱা শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহবাজ পুনাৱালা কালিন্দী কুঞ্জৰ যমুনা নদীৰ পাৰত উপস্থিত হয় আৰু আম আদমী পাৰ্টীক তীক্ষ্ণ সমালোচনা কৰে ৷ তেওঁ কয় যে, অৰবিন্দ কেজৰিৱালৰ বিষাক্ত ৰাজনীতিয়ে ৰাজধানী দিল্লীৰ বায়ু-পানী প্ৰদূষিত কৰি তুলিছে ৷ তেওঁ লগতে কেজৰিৱালক প্ৰত্যাহ্বান জনাই কয় যে কেজৰিৱালে তেওঁৰ দলীয় নেতাসকলৰ সৈতে আহি যমুনা নদীত ডুব মাৰিব লাগে ৷

পুনাৱালাই আৰু কয় যে যমুনাৰ পানী বিহলৈ ৰূপান্তৰ হৈছে ৷ অৰবিন্দ কেজৰিৱালে দাবী কৰিছিল যে তেওঁ 2025 চনৰ ভিতৰত যমুনা নদী পৰিস্কাৰ কৰিব ৷ পূৰ্বে তেওঁলোকে কৈছিল 2020, তাৰ পিচত ক’লে 2025 ৷ এতিয়া ষট পূজাৰ পূৰ্বে যদি যমুনা চাফা নহয়, তেন্তে কোন মহিলা ইয়ালৈ আহিব বা আহি ৰোগগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব ৷ যমুনা নদী বিষাক্ত হৈ পৰিছে কাৰণ যমুনা পৰিস্কাৰৰ বাবে আৱন্টিত পুঁজি কেজৰিৱালে নিজৰ বাবে আৰু বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিছে ৷ এই বিস্ফোৰক অভিযোগ পুনাৱালাৰ ৷

বিজেপিৰ মুখপাত্ৰগৰাকীৰ এই অভিযোগৰ প্ৰত্যুত্তৰত আপৰ নেতা তথা দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বিজেপি চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ নোলোৱা বুলি কয় ৷ ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মান নিম্নগামী হোৱা সন্দৰ্ভত ৰায়ে কয় যে এই বিপদৰ সময়ত সামূহিক পদক্ষেপৰ প্ৰয়োজন ৷ ৰায়ে অভিযোগ তোলে যে বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰবোৰ নিদ্ৰামগ্ন হৈ আছে ৷

‘‘প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈ আছে আৰু বিজেপিয়ে কোনো ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হোৱা নাই ৷ উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান আদিত বিজেপি চৰকাৰ আছে, কিন্তু তেওঁলোক শুই আছে আৰু নিষ্ক্ৰিয় হৈ আছে ৷ কেন্দ্ৰত থকা বিজেপি চৰকাৰো নিদ্ৰামগ্ন হৈ আছে ৷ কোনেও তেওঁলোকক প্ৰশ্ন কৰা নাই, আনহাতে বিজেপি নেতাসকল ছলনাত বন্দী হৈ আছে ৷ প্ৰদূষণ এটা গুৰুতৰ সমস্যা, আমি সকলোৱে ইজনে সিজনৰ সহযোগিতাৰে ইয়াৰে সৈতে মোকাবিলা কৰিবলৈ কাম কৰিব লাগিব ৷’’ ৰায়ে কয় ৷

লগতে পঢ়ক:দিল্লীৰ চিআৰপিএফ স্কুলৰ সমীপতে বিস্ফোৰণ

ABOUT THE AUTHOR

...view details