অসম

assam

ETV Bharat / bharat

অজিত পাৱাৰ গোটৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদন; ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NCP Conflicts : ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰক নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) বিধায়কসকলক অযোগ্য ঘোষণা সম্পৰ্কীয় গোচৰটোত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 2:19 PM IST

অজিত পাৱাৰ গোটৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদন সন্দৰ্ভত ছুপ্ৰিম কোৰ্ট
অজিত পাৱাৰ গোটৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদন সন্দৰ্ভত ছুপ্ৰিম কোৰ্ট

নিউজ ডেস্ক, ২৯ জানুৱাৰী : নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) বিধায়কসকলক অযোগ্য ঘোষণা কৰা সম্পৰ্কীয় গোচৰটোত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত আদেশ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰক এই নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ পূৰ্বে শীৰ্ষ আদালতে অধ্যক্ষক বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে 31 জানুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল ।

অধ্যক্ষক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত উল্লেখ কৰে যে অধ্যক্ষই শিৱসেনাৰ বিভেদৰ ওপৰত দাখিল কৰা অযোগ্যতাৰ আবেদনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ব্যস্ত আছে ।

মেহতাই কয় যে অধ্যক্ষই আদালতৰ সময়সীমা পালন কৰিব পৰা অৱস্থাত নাই । লগতে এই কথা জোৰ দি কয় যে আদেশটো পালন কৰিবলৈ তেওঁক আৰু তিনি সপ্তাহৰ প্ৰয়োজন । ইয়াৰ পিছত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে এই সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰে ।

উল্লেখ্য যে যোৱা বছৰ অক্টোবৰ মাহত শীৰ্ষ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ অধ্যক্ষক সংবিধানৰ দশম অনুসূচী অনুসৰি 31 জানুৱাৰী, 2024-ৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ শৰদ পাৱাৰ গোটে দলত্যাগ বিৰোধী আইনৰ অধীনত অজিত পাৱাৰৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলক অযোগ্য ঘোষণা কৰিবলৈ কৰা তেওঁলোকৰ আবেদনৰ ওপৰত সোনকালে সিদ্ধান্ত লোৱাৰ বাবে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক নিৰ্দেশ দিবলৈ শীৰ্ষ আদালতত আবেদন কৰিছিল ।

এই বিষয়টো তেতিয়া উত্থাপিত হয়, যেতিয়া অজিত পাৱাৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফুল পেটেলৰ নেতৃত্বত বিধায়কসকলে এনচিপিৰ সৰ্বোচ্চ নেতা শৰদ পাৱাৰৰ সৈতে সম্পৰ্ক ভংগ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ নেতৃত্বত বিজেপি আৰু শিৱসেনা চৰকাৰৰ সৈতে হাত মিলায় ।

লগতে পঢ়ক :নতুন চৰকাৰ গঠনৰ এদিন পিচতে ৰাহুল গান্ধীৰ বিহাৰত প্ৰৱেশ

ABOUT THE AUTHOR

...view details