মেষ ৰাশি: বন্ধুসকলৰ সৈতে ফুৰিবলৈ যোৱাৰ বাবে দিনটো বৰ ভাল ৷ তেওঁলোকৰ পৰা আজি আপুনি উপহাৰ পাব পাৰে ৷ তাৰ বিনিময়ত আপুনি তেওঁলোকৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থাও কৰিব ৷ আপোনাৰ ভৱিষ্যতৰ বাবে লাভদায়ক হ’ব পাৰে নতুন বন্ধুত্ব ৷ আপোনাৰ সন্তানেও আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব ৷ দৰ্শনীয় কোনো স্থানত ফুৰিবলৈ যাব পাৰে ৷ চৰকাৰী কোনো কাম-কাজ থাকিলে সেয়া লাভজনকভাৱে সম্পন্ন হ’ব ৷
বৃষ ৰাশি: চাকৰিয়ালসকলৰ ওপৰত আজিৰ দিনটো ভাগ্য সুপ্ৰসন্ন ৷ নতুন কামে সফল পৰিণতি লাভ কৰিব ৷ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি অনুকূল থাকিব, যাৰ ফলত তেওঁলোকে আপোনাৰ পদোন্নতিৰ ব্যৱস্থাও কৰিব পাৰে ৷ সাংসাৰিক সুখ নিশ্চিত ৷ অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশ নিশ্চিত ৷
মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ নহয় ৷ আজি আপুনি ভাগৰুৱা, এলেহুৱা আৰু উদ্যমহীন অনুভৱ কৰি থাকিব পাৰে ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত আপুনি ভবাৰ দৰে একো নহ’ব ৷ ঊৰ্ধ্বতনৰ প্ৰতি আপোনাৰ অসন্তোষ প্ৰকাশ পাব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা ৷ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ দিন পিচুৱাই দিয়ক৷
কৰ্কট ৰাশি:আজি আপুনি যিয়ে কৰিব, তাতেই আপোনাৰ মূৰ ঠাণ্ডা ৰাখিব লাগিব আৰু অধিক সতৰ্ক থাকিব লাগিব ৷ পৰিয়ালৰ মাজত সংঘাত এৰাই চলক ৷ আজি গোটই দিন বিনম্ৰ মনোভাৱ লৈ চলক ৷ ই আপোনাক যি কোনো সমস্যাৰপৰা দুৰত ৰাখিব ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক ৷ অনৈতিক আৰু বেআইনী কামৰ পৰা দূৰত থাকক ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰক৷
সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত তিক্ততা দেখা দিব পাৰে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হ’ব ৷ আপোনাৰ জীৱনসংগী বা জীৱনসংগিনী অসুস্থ হ’ব পাৰে ৷ সহকাৰী আৰু ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে কথা পতাৰ সময়ত শান্ত হৈ আৰু ধৈৰ্য ধৰি থাকক ৷ অহেতুক আৰু অকৃতজ্ঞ কথাবতৰাত লিপ্ত হৈ নপৰিব ৷ মামলা-মোকৰ্দমাৰ পৰা প্ৰত্যাশিত ফল নাপাবও পাৰে ৷ ৰাজহুৱা বা সামাজিক স্বীকৃতি পোৱাৰ কোনো সম্ভাৱনা নাই ৷
কন্যা ৰাশি:আজি আপোনাৰ হাতৰ মুঠিত এই পৃথিৱীখন আছে যেন লাগিব ৷ আপুনি ঘৰত আৰু কৰ্মক্ষেত্ৰত উৎসাহপূৰ্ণ আৰু উত্তম মানসিকতাৰে থাকিব ৷ বন্ধু আৰু সহকৰ্মীসকলে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব আৰু তেওঁলোকে আপোনাক সাহায্য সহযোগিতা কৰিব ৷ আপুনি যদি কোনো বেমাৰত ভুগি আছে, তেতিয়া হ’লে সুস্থ হৈ উঠিব পাৰে ৷ ঘৰৰ পৰা বা পৰিয়ালৰ সুখবৰ পাব পাৰে ৷ আজি আপুনি নিজৰ কৰ্মকুশলতাৰ স্বীকৃতি পাব ৷ আজি আপোনাৰ প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হৈ যাব পাৰে ৷