মেষ ৰাশি: আপোনাক নিমন্ত্ৰণ কৰা সম্বন্ধীয়ৰ ঘৰৰ অনুষ্ঠানত একেবাৰে মন বহুৱাব নোৱাৰিব ৷ এই অৱস্থা আপোনাৰ মানসিক স্থিতি আৰু সামান্য অসুস্থতাৰ বাবে হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰৰ লগতে ঘৰৰ পৰিৱেশে আপোনাক উদ্বেগত পেলাইছে ৷ সকলোতে অলপ ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ আপুনি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নহ’লে পিছত ইয়াৰ ফল ভূগিব লাগিব আৰু হাতত থকা কামত ব্যাঘাত জন্মিব ৷
বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক, কেইটামান দিন এনেদৰেই পাৰ হ’ব ৷ দিনৰ শেষভাগলৈ আপুনি ভাগৰি পৰিব কিন্তু কৰ্মক্ষেত্ৰত শীৰ্ষ নেতৃত্বই দিয়া কামৰ হেঁচা আপোনাৰ ওপৰত পৰি থাকিব ৷ আশা কৰি থকা ফল লাভত পলম হ’ব ৷ ভ্ৰমণত শুভ ৷ এলাহভাৱে আপোনাক বেৰি ধৰিব, যাক কেৱল আপুনিহে অনুভৱ কৰিব পাৰিব ৷ আনে আপোনাৰ অসুবিধা দেখা নাপায়, গতিকে শান্ত থাকক আৰু কাম কৰি থাকক ৷ খোৱা-বোৱাত চকু ৰাখক আৰু নতুন একো আৰম্ভ নকৰিব ৷
মিথুন ৰাশি: গণেশৰ আৰ্শীবাদত দিনটো আনন্দৰে পাৰ হ’ব ৷ সমাজ, পৰিয়াল আৰু সম্বন্ধীয়ৰ মাজত আপোনাৰ জনপ্ৰিয়তাই আনন্দিত কৰি তুলিব ৷ পৰিয়ালৰ লগত কোনো সুন্দৰ ঠাইত কৰা ভ্ৰমণৰ ফলত মানসিক শান্তি বিচাৰি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে ৷ বাহন ক্ৰয়ৰ বাবে সুন্দৰ সময় ৷ আপুনি ভালপোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব ৷
কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন ৷ সহকৰ্মী আৰু তলৰ চাকৰিয়ালসকলৰ সহযোগিতা লাভ কৰিব আৰু শীৰ্ষ নেতৃত্বৰ শুভেচ্ছাও লাভ কৰিব ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ এই সকলোবোৰৰ উপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব ৷ উপাৰ্জনৰ দিশত অলপ চকু ৰখা প্ৰয়োজন ৷
সিংহ ৰাশি: গণেশৰ কৃপাত শুভ দিন যদিও কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব ৷ খঙক কাবু কৰি আপুনি কামত অধিক মনোনিৱেশ কৰিব পাৰিব ৷ শৰীৰ ভাল ৷ এই সময়ত ভালপোৱা কলা, খেল, ছবি অঁকা আদি কাম নিজ মনেৰে কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷
কন্যা ৰাশি:আজি বৰ ভাল দিন নহয় ৷ এলাহ আৰু মনোযোগৰ অভাৱে কামবোৰ সঠিক সময়ত শেষ হ’বলৈ নিদিয়ে ৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্বেগভাৱ আহিব, প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে অশান্তি দিব ৷ মাতৃৰ শৰীৰৰ বাবেও আপুনি চিন্তাত পৰিব ৷ সাৱধানে থাকক আৰু সম্পত্তি বিষয়ক বা আইনী কামত বিশেষ সাৱধানতাৰ পৰিচয় দিয়ক ৷