অসম

assam

ETV Bharat / bharat

কুম্ভ ৰাশিৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ...সিংহ ৰাশিয়ে বিবাদ এৰাই চলক...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 11th June

Daily Horoscope: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

Daily Horoscope For 11th June 2024
কুম্ভ ৰাশিৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ...সিংহ ৰাশিয়ে বিবাদ এৰাই চলক...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে (Etv Bharat)

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 12:23 AM IST

মেষ ৰাশি:আজি গোটেই দিনটো আপোনাৰ মনত দুখ আৰু ক্ষোভ থাকিব, তাৰ বাবে সাজু হৈ থাকক ৷ আজি আপোনাৰ আৱেগ আৰু অনুভূতিয়ে আপোনাক চলাই থাকিব, তাৰ ফলত আপুনি হয়তো কাৰোবাক এনেকুৱা কিবা কৈ দিব যে তাৰ বাবে পিছত অনুতাপ হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক ৷ সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদত নোসোমাব ৷ বাহন সাৱধানে চলাব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ শিক্ষক আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে দিনটো অন্যান্য দিনৰ দৰেই থাকিব ৷

বৃষ ৰাশি:আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি আৱেগিকভাৱে অনুপ্ৰাণিত হৈ থাকিব ৷ আজি আপুনি কল্পনাবিলাসী আৰু সৃজনশীল হৈ থাকিব, আৰু আপুনি নিজৰ স্বৰ্গৰাজ্যত বিচৰণ কৰিব ৷ আজি আপুনি পৰিয়ালৰ প্ৰতি আকৃষ্ট হ’ব আৰু পৰিয়ালৰ লোকৰ সৈতে থাকি আনন্দ পাব ৷ আৰ্থিক বিষয়বোৰ আপোনাৰ মূল বিষয় হৈ উঠিব ৷

মিথুন ৰাশি:আপুনি সময়ত কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধা পাব আৰু কিবা নহয় কিবা কাৰণত কামত আপোনাৰ পলম হ’ব পাৰে ৷ আৰ্থিক বিষয়সমূহত ব্যৰ্থতা আহিব পাৰে, কিন্তু আকৌ আপোনাৰ পৰিকল্পনা অনুসৰিয়ে আপোনাৰ কামবোৰ নিমজকৈ আগবাঢ়ি যাব ৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই ৷ সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে থাকি আপোনাৰ ভাল লাগিব ৷

কৰ্কট ৰাশি: আনন্দ, হাঁহি-ফুৰ্তি, উলহ মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰি দিব ৷ ভ্ৰমণৰ যোগ আছে ৷ সুখাদ্য আৰু মিঠাই ভোজন হ’ব পাৰে ৷ আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷

সিংহ ৰাশি:আজি আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য হৈ থাকিব ৷ নাৰীৰ সৈতে কথা পতাৰ সময়ত কৌশল অৱলম্বন কৰি চলিব ৷ কাকো মিছা প্ৰতিশ্ৰুতি নিদিব ৷ তৰ্ক বিবাদৰ পৰা দূৰত থাকক ৷ আইনী বিষয়বোৰ অত্যধিক সাৱধানতাৰে চম্ভালি লওঁক ৷ সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক ৷ ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে ৷

কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব ৷ এই ক্ষেত্ৰত সহায়কৰ ভূমিকা পালন কৰিব পাৰে বান্ধৱীসকলে ৷ বন্ধুসকলৰ সৈতে নৈসৰ্গিক স্থানত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ সন্তানৰপৰা সু-সংবাদ পোৱাৰ আশা আছে ৷

তুলা ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে অত্যধিক শুভ ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো বৰ উজ্জ্বল আৰু অনুকূল ৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহাৰ যোগ আছে ৷ পদোন্নতিৰ প্ৰবল সুযোগ আছে ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ মাতৃৰ পৰা কোনো লাভ আৰু উপকাৰিতা পাব পাৰে ৷

বৃশ্চিক ৰাশি:আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকিব লাগিব ৷ আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি বিশেষ প্ৰসন্ন নাথাকিব আৰু আপোনাৰ সকলো কামক জটিলভাৱে বিচাৰ বিশ্লেষণ কৰিব ৷ যাৰ ফলত আপুনি হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে ৷ লগতে আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক ৷ সৰু-সুৰা ভ্ৰমণত যাব পাৰে ৷

ধনু ৰাশি: নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় ৷ নতুন কোনো চিকিৎসাও আজি আৰম্ভ কৰাব নালাগে ৷ আপোনাৰ কথাবতৰা আৰু আচৰণত সাৱধান হওঁক ৷ অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকৰ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ ব্যয় হোৱাৰ সম্ভাৱনা আছে ৷ অবৈধ সম্পৰ্ক আৰু বে-আইনী কামত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল লাগিব ৷

মকৰ ৰাশি: আজিৰ দিনটো শুভ ৷ আজি ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰভূত সম্ভাৱনা আছে ৷ কমিছন, সুত পোৱাৰ জৰিয়তে বা ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ উজ্জ্বল সম্ভাৱনা আছে ৷ আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰভূত উন্নতি হ’ব ৷ আপোনাৰ ৰাজহুৱা ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তিৰ লেখতল’বলগীয়াকৈ উন্নত হ’ব ৷ সৰু-সুৰা ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷

কুম্ভ ৰাশি:কৰ্মক্ষেত্ৰত আপুনি অসাধাৰণ কাম কৰি দেখুৱাব আৰু তাৰ বাবে প্ৰচুৰ প্ৰশংসা পাব আপুনি ৷ ব্যৱসায়ত লাভ ৷ পৰিয়ালৰ সৈতে সময় কটালে নিশ্চিতকৈ আনন্দ পাব আৰু সেয়া আপোনাৰ বাবে মূল্যৱান যেন লাগিব ৷ পুৱাৰ পৰা সন্ধিয়ালৈকে আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব লাগিব ৷

মীন ৰাশি:আজি আপোনাৰ প্ৰচণ্ড সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ আজি আপুনি নিজৰ কল্পৰাজ্যত নিজৰ খুচিমতে য’তে ইচ্ছা ত’তেই বিচৰণ কৰিব ৷ আজিৰ দিনটো শিক্ষক আৰু পণ্ডিতসকলৰ বাবে অতি শুভ ৷ আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ৷

লগতে পঢ়ক:বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ABOUT THE AUTHOR

...view details