ইফালে ঘূৰ্ণীবতাহৰ প্ৰকোপ হ্ৰাস হোৱাৰ লগে লগে ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কাৰ্যকলাপো আৰম্ভ হৈছে । শুকুৰবাৰে পুৱা ৮ বজাৰ পৰাই পুনৰ বিমান চলাচল আৰম্ভ কৰিছে বিমানবন্দ কৰ্তৃপক্ষই । বিমানবন্দৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিমান পৰিচালনা প্ৰক্ৰিয়া স্থগিত ৰাখিছিল । শুকুৰবাৰে পুৱা ৯ বজালৈকে এই প্ৰক্ৰিয়া বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও বতৰ উন্নত হোৱাৰ বাবে আগতীয়াকৈ বিমানবন্দৰ কৰ্তৃপক্ষই কাম আৰম্ভ কৰে ।
ঘূৰ্ণীবতাহ 'ডানা'ৰ প্ৰকোপ কমিছে
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে পুৱা ৮.২৩ বজালৈকে ঘূৰ্ণীবতাহৰ লেণ্ডফল প্ৰক্ৰিয়া চলি আছিল । এই প্ৰক্ৰিয়াটো আৰু এক বা দুই ঘণ্টা অব্যাহত থাকিব বুলি আশা কৰা হৈছিল যদিও ই উত্তৰ ওড়িশাৰ উত্তৰ-পশ্চিম দিশে আগবাঢ়িছে আৰু ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ ইঙ্গিত দিছিল । বতৰ বিজ্ঞান বিভাগৰ মতে পাৰাদ্বীপৰ ডপলাৰ ৰাডাৰৰ জৰিয়তে পৰিস্থিতিটো নিৰন্তৰ পৰ্যৱেক্ষণত আছে ।
ইফালে ঘূৰ্ণীবতাহ কিছু পৰিমাণে শান্ত হোৱাৰ লগে লগে এনডিআৰএফ আৰু অ'ডিআৰএএফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । উপকূলীয় জিলাসমূহৰ কিছুমান স্থানত ধুমুহাৰ ফলত গছবোৰ উভালি পৰি পথ বন্ধ হৈছিল । উদ্ধাৰকাৰী দলে পথবোৰ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ওড়িশাৰ মন্ত্ৰী সূৰ্যবংসী চুৰাহে জনোৱা মতে বৃহৎ ক্ষতি হোৱা নাই যদিও গছ পৰি কিছুমান আন্তঃগাঁথনিৰ ক্ষতি হৈছে । সাগৰীয় ঢৌৰ ফলত কিছুমান নামনি অঞ্চল প্লাৱিত হোৱা বুলিও জানিব পৰা গৈছে ।